Daily Time Axom

নলবাৰীৰ মৈৰোডোঙৰ হেমন্ত হালৈ নামৰ এজন যুৱক সন্ধানহীন।

0 11

ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ মৈৰাডোঙাৰ এজন যুৱক সন্ধানহীন। সন্ধানহীন যুৱকৰ নাম হেমন্ত হালৈ, বয়স ২৮ বছৰ।উল্লেখ্য যে পূৰ্বতে লাইনৰ কাম কৰি জীৱিকা অর্জন কৰিছিল হালৈয়ে কিন্তু লকডাউনৰ ফলত সৰ্বস্বান্ত হৈ প্ৰায়ে অসমৰ বাহিৰলৈ
কাম কৰিবলৈ যোৱাৰ দুৰ্বাৰ হেঁপাহ কৰিছিল যুৱকজনে। আনহাতে, যুৱকজনে ঘৰত কাপোৰভৰ্তি বেগ এটা এৰি গৈছে য’ত যুৱকজনৰ নথি পত্ৰ আদি পোৱা গৈছে। সন্ধানহীন যুৱকজনে মাক-দেউতাক, ভায়েক আৰু নিজৰ তিনিমহীয়া গৰ্ভৱতী পত্নীক এৰি থৈ হৈছে।যোৱা ৬ মাৰ্চতে নিজ পত্নী ডলি হালৈক মাকৰ ঘৰৰ পৰা আনিবলৈ গৈছিল কিন্তু আজি পৰ্যন্ত উভতি নহাত উপায়ন্তৰ হৈ ১২ ঘণ্টাৰ ভিতৰত আৰক্ষীৰ কাষ চাপে পৰিয়ালটো। ইফালে তিনি চাৰিদিন থানাত গৈয়ো আৰক্ষীৰ পৰা কোনো সহাৰি নোপোৱাত বিমোৰত পৰে পৰিয়ালটো।অৱশেষত,পৰিয়ালৰলোকে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ কাষ চপাতহে আৰক্ষীয়ে ফোন যোগে খবৰ লয় পৰিয়ালটোৰ। সেই সময়ত মেডিকেলত থকা যুৱকজনৰ পত্নীৰ যোৱা ২৫ তাৰিখে এগৰাকী কন্যা সন্তানো জন্মিছে।
সেয়েহে, যুৱকজনৰ বায়েকে কাতৰ আহ্বান জনাইছে যাতে যুৱকজন য’তেই নাথাকক নিজ পত্নী আৰু কন্যাৰ মুখলৈ চাই যেন ঘূৰি আহক।

Leave A Reply

Your email address will not be published.