Daily Time Axom

নৱ-প্ৰভাত উৎসৱ ২০২৪ ৰ ব্যাপক আয়োজন

0 107

অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিকমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতে যোৱা একুৰি চাৰিটা বসন্ত গৰকি আহি ৰূপালী জয়ন্তী বৰ্ষত সগৌৰৱে পদাৰ্পণ কৰিছেহি।২৫ বছৰীয়া ৰূপালী বৰ্ষৰ প্ৰাক কলনত অহা ২৭,২৮ আৰু ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে তিনি দিনীয়া কাৰ্য্যসূচীৰে নৱ-প্ৰভাতে স্থানীয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত তিনিদিনীয়াকৈ নৱ-প্ৰভাত উৎসৱ ২০২৪ নামেৰে এক উৎসৱৰ আয়োজন কৰা হৈছে য’ত এইবেলি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা পৰম্পৰাগত সাঁজ-পাৰ,আ-অলংকাৰ,থলূৱা সুস্বাদ্য খাদ্যৰ প্ৰদৰ্শনি তথা বিক্ৰীৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,ন-পুৰণী শিল্পীৰদ্বাৰা থলুৱা পৰম্পৰাগত নৃত্য-গীতৰ লগতে অসমৰ শিশু আৰু নৱ-প্ৰজন্মৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে অসমীয়া নাট তথা চলচ্চিত্ৰৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ভাল নাট আৰু ছবি নিৰ্মাণৰ সোনসেৰীয়া বাটত পোহৰ বিলাবলৈ নৱ-প্ৰভাত আগবাঢ়ি আহিছে নৱ-প্ৰজন্মৰ বাবে এক নতুন প্ৰভাত লৈ।এই লক্ষ্যৰে এই বছৰৰ পৰাই আগন্তুক প্ৰতিটো বৰ্ষত নৱ-প্ৰভাতে সদৌ অসম ভিত্তিত নৱ-প্ৰভাত শিশু নাট প্ৰতিযোগীতা আৰু নৱ-প্ৰভাত চুটি ছবি মহোৎসৱ ৰো আয়োজন কৰিছে।

সেই লক্ষৰে অহা ২৭ ডিচেম্বৰ ২০২৪ তাৰিখে পুৱা ৯.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত নৱ-প্ৰভাত অসম ভিত্তিত চুটি শিশু নাট প্ৰতিযোগীতা ২০২৪, ২৮ ডিচেম্বৰ তাৰিখে পুৱা ৯.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত মাধৱদেৱ প্ৰেক্ষাগৃহত নৱ-প্ৰভাত অসম ভিত্তিত চুটি চলচিত্ৰ মহোৎসৱ ২০২৪ , সন্ধিয়া ৬.০০ বজাত ন-পুৰণী শিল্পীৰ সমাহাৰেৰে সুৰৰ-সন্ধিয়া নামেৰে এক অগতানুগতিক সাংস্কৃতিক সন্ধিয়া আৰু ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে দিনৰ ১.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এন্ধাৰৰ পৰা পোহৰলৈ বুলি… শীৰ্ষক এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে য’ত এইবাৰ সৰ্ব্বোচ্ছ অসম প্ৰাণ বঁটা ২০২৪ প্ৰদান কৰিবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ বিশিষ্ট চলচিত্ৰ প্ৰযোজক,পৰিচালক শ্ৰীযুত জাহ্নু বৰুৱাদেৱক, অসম শিল্পী বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে অসমৰ স্বনামধন্য গীতিকাৰ,সুৰকাৰ তথা সংগীত শিল্পী শ্ৰী দ্বীপেন বৰুৱাদেৱক, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা তথা নাট্য শিল্পী শ্ৰী বাহাৰুল ইছলামদেৱক, ডিফু কাৰ্বি আংলং নিৱাসী অসমৰ বিশিষ্ট লোক শিল্পী শ্ৰীযুতা শশীকলা হান্সেপীবাইদেউ,জ্যেষ্ঠ অভিনেত্ৰী শ্ৰীযুতা মৃদুলা বৰুৱা বাইদেউ আৰু আবৃত্তিকাৰ,কৱি শ্ৰীউপম শইকীয়াক। ইয়াৰোপৰি অসম গৌৰৱ বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে অসমৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী তথা বৰ্তমান মৰিগাঁৱ জিলাৰ উপায়ুক্ত অসম চৰকাৰ ACS বিষয়া শ্ৰী দেৱাশীষ শৰ্মাদেৱক, State Cancer Institute, GMCH ত Director আৰু Radiation Oncologist হিচাবে বহু সেৱা আগবঢ়োৱা তথা বৰ্তমান HealthCity hospital ত Oncology বিভাগৰ Director হিচাপে কৰ্মৰত বিশিষ্ট চিকিৎসক ডাঃ বিভাস চন্দ্ৰ গোস্বামীদেৱক,
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট উদ্যোগপতি তথা সাংস্কৃতিক কৰ্মী প্ৰাগ চেনেলৰ মুখ্য-পৰিচালন সঞ্চালক শ্ৰী সঞ্জীৱ নাৰায়ণদেৱক ,বিশিষ্ট সাংবাদিক শ্ৰী অতনু ভূঞাদেৱক আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতুৰবিদ শ্ৰী এলভিছ আলী হাজৰিকাদেৱক। ইয়াৰ লগতে অসম যুৱ-প্ৰতিভা বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে পৰিচালক, সম্পাদক,অভিনেতা শ্ৰী ৰূপাংকৰ দাস আৰু যুৱ সাংবাদিক এঞ্জেলা চাংমাইক।
তাৰোপৰি এইবেলি অসমৰ অনুসূচিত জাতিৰ সৰ্ব্বোচ্ছ অসম অনুসূচিত জাতি প্ৰাণ বঁটা ২০২৪ মৰোনোত্তৰভাৱে প্ৰদান কৰিবলৈ লোৱা হৈছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি,বিশিষ্ট সমাজকৰ্মী স্বৰ্গীয় নলিন চন্দ্ৰ হাজৰিকাদেৱক, অসম অনুসূচিত জাতি শিল্পী বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে বৈষ্ণৱ পণ্ডিত শুক্লেশ্বৰ মহন্তদেৱক,বিহুৱা জীতেন দাসদেৱক আৰু বিশ্বনাথ নিৱাসী সংগীত শিল্পী আনন্দ দাসক। অসম অনুসূচিত জাতি গৌৰৱ বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে Girls Polytechnique College,Assam ৰ অধ্যাপক,সমাজসেৱী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত সহঃ কাৰ্য্যবাহ শ্ৰী শংখপানী ভৰাঁলীদেৱক আৰু ভাৰত চৰকাৰৰ পৰ্য্যতন বিভাগৰ প্ৰাক্তণ আমোলা অসমৰ বিশিষ্ট চিত্ৰ সাংবাদিক শ্ৰী কমল লোচন দাসদেৱক। অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ২০২৪ আগবঢ়াবলৈ লোৱা হৈছে আকাশৱানী গুৱাহাটী,অল ইণ্ডিয়া ৰেডিঅ’ ৰ ঘোষিকা নাট্যশিল্পী ৰুজি মূদৈ আৰু মুম্বাইত কৰ্মৰত যুৱ সংগীত ব্যৱস্থাপক মিকু মানস দাস ।

এই উৎসৱৰ লগতে সংগতি ৰাখি অসম থা উত্তৰ-পূৰ্বাঞ্চলৰ সুন্দৰী যুৱতী,নাৰী তথা শিশু সকলৰ প্ৰতিভা বিকাশৰ বাবে এক সুবৰ্ণ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা অশালীন,অমাৰ্জিত পশ্চিমীয়া বিদেশী সাঁজ পাৰৰ বিপৰীতে অসম,উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খিলঞ্জীয়া বোৱণীৰ হাতেৰে প্ৰাণ পাই উঠা পাট-মূগা-এৰি-খাদী কে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাঁজপাৰ আৰু অসমীয়া থলুৱা শিল্পকৰ্মীৰদ্বাৰা নিৰ্মিত সুন্দৰ অসমীয়া গহণা-গাঠুঁৰি শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাত সহায়ক হোৱাকে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰু নাৰী সৱলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা নৱ-প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ জৰিয়তে থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰদ্বাৰা স্বাৱলম্বি হৈ আত্ম-সংস্থাপনৰ বাঁট মুকলি কৰোৱাৰ সামন্যতম প্ৰচেষ্টা হিচাপে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাত আৰু নৱ-প্ৰভাত ইন্সিটিউত অৱ ফেশ্বন টেকনলজী (npift) ৰ উদ্যোগত অহা ২৯/১২/২০২৪ তাৰিখ দেওবাৰে বিয়লি ৩.০০ বজাত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্তশংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ ত দশম বাৰ্ষিক All Assam Traditional Mega Fashion Show2024-25(Divine Traditional Queen of Assam 2024) Miss,Mrs.,Teens & KIDS- Season-X শীৰ্ষক অসমীয়া পৰম্পৰাগত সাঁজ-পাৰৰ এক অগতানুগতিক সৌন্দৰ্য্য প্ৰতিযোগীতা ৰো আয়োজন কৰা হৈছে।

ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই নৱ-প্ৰভাত উৎসৱ ২০২৪ ৰ শিশু নাট প্ৰতিযোগীতা তথা চুটি চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলক আমাৰ ফোন নম্বৰঃ ৯৮৬৪০ ৩০৫৬৬,৯৫০৮৮০৮৬১৮ আৰু ৮৪০৩৯৫৬৮৪১ নম্বৰত, সাংস্কৃতিক সন্ধিয়া সুৰৰ-সন্ধিয়া ৰ বাবে আমাৰ ফোন নম্বৰঃ৯৯৫৭৮৫৩৭৮৫,৯১০১৩৮৬৯১৮,প্ৰদৰ্শনি আৰু বিক্ৰী বিপনীত অংশগ্ৰহণ কৰিব বিচৰা থলুৱা উদ্যোগীসকলক আমাৰ ফোন নম্বৰ ৮৬৩৮০২৬১৫৬,৭০০২০৭৪০৯৭ নম্বৰত আৰু সৌন্দৰ্য্য প্ৰতিযোগীতাখনিত অংশগ্ৰহণ কৰিব বিচৰা যুৱতী-মহিলা তথা শিশু প্ৰতিযোগীসকলক আমাৰ ফোন নম্বৰ ৮৮২২৬৪৮০৮৮,৬০০১২৩৭৯২৯ তথা ৮৬৩৮১৩৬০০৪ ত অহা ২০ নৱেম্বৰ ২০২৪ তাৰিখৰ আগতে যোগাযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ’ল।

Leave A Reply

Your email address will not be published.