নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১৯ তম দ্বি-বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৯ আৰু ১০ অক্টোবৰ তাৰিখে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে আয়োজন কৰিছে আমছুৰ দ্বি-বাৰ্ষিক অধিবেশন। দুদিনীয়া কাৰ্য্যসূচীৰ এই অনুষ্ঠানতসমূহত ৰাইজৰ উপস্থিতি কামনা কৰিছে নগাঁও জিলাৰ আমছুৰ সভাপতি আব্দুল নুৰ আৰু অভ্যৰ্থনা কমিটিৰ সভাপতি মতিউৰ ৰহমানে।