Daily Time Axom

হৃদযন্ত্ৰৰ পৰা যকৃতলৈকে সকলো স্বাস্থ্যকৰ হৈ থাকিব

0 99

যদি আপুনি প্ৰতিদিনে সিজোৱা শাক-পাচলি খাব পাৰে তেন্তে ইয়াত কেলৰি কম, আঁহ বেছি থাকে লগতে ইয়াত ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট থাকে।

সিজোৱা বিলাহী আৰু কচুই চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, এন্টিঅক্সিডেন্ট থাকে যিয়ে আপোনাৰ চকুৰ দৃষ্টিশক্তি শক্তিশালী কৰে আৰু লগতে আপোনাৰ চকুৰ উজ্জ্বলতা বৃদ্ধি কৰে গতিকে, শীতকালত সিজোৱা বিলাহী আৰু কচু আপোনাৰ ব্ৰেকফাষ্টত ৰাখক ।

আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখি হৃদযন্ত্ৰৰ এটেক হোৱাৰ সম্ভাৱনা কম কৰিবলৈ প্ৰতিদিনে দুপৰীয়াৰ আহাৰত যিকোনো দুবিধ শাক-পাচলি উতলাই খালে কলেষ্টৰেলৰ মাত্ৰাও দ্ৰুতগতিত হ্ৰাস পাব আপোনাৰ ৰক্তচাপো নিয়ন্ত্ৰণত থাকিব শাক-পাচলি ৰন্ধা সময়ত যিকোনো তেল ব্যৱহাৰ কৰা এই ক্ষেত্ৰত আপোনাৰ ওজনো নিয়ন্ত্ৰণত থাকিব যিহেতু ইয়াত কোনো ধৰণৰ কেলৰি নাথাকে আৰু আঁহযুক্ত খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে অতি উত্তম, গতিকে সিজোৱা শাক-পাচলিয়েও আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

যদি আপুনি আপোনাৰ কলেষ্টেৰলৰ মাত্ৰাক লৈ চিন্তিত, তেন্তে ভাপত দিয়া শাক-পাচলি খাওক ই উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত অতি উত্তম কাম কৰে যাতে আপোনাক স্বাস্থ্যৱান কৰে।কোনো তেল বা ঘিউ নোহোৱাকৈ খোৱাৰ অভ্যাস কৰক, শীতকাল আহি আছে, আটাইতকৈ পুষ্টিকৰ শাক-পাচলিবোৰৰ ভিতৰত এটা হ’ল ব্ৰকলি। ইয়াৰ প্ৰচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট থাকে, যিয়ে ইয়াক মছলাৰে ৰন্ধাতকৈ কেৱল উতলাই খোৱাটো উপকাৰী।

শাক-পাচলি বিশেষকৈ বিলাহী, ব্ৰকলি আৰু কচু ৰান্ধিলে কেৰটিনয়ড আৰু ফাইটোনিউট্ৰিয়েণ্টৰ দৰে স্বাস্থ্যকৰ এন্টিঅক্সিডেন্টৰ উপকাৰিতা শৰীৰে লাভ কৰে।

Leave A Reply

Your email address will not be published.