Daily Time Axom

শিৱসাগৰত কংগ্ৰেছ দলৰ সংবাদমেল

0 30

শিৱসাগৰ জিলাৰ পৰা ইন্দিৰা ফেলোশ্বিপ লাভ কৰা মুনমী বৰগোহাঁইয়ে সম্বোধন কৰে সংবাদমেল | মহিলা সবলীকৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ নতুন অভিযান | বিগত বৰ্ষৰ পৰাই অব্যাহত আছে ইন্দিৰা ফেলোশ্বিপ শক্তি অভিযান | মহিলা সকলক ৰাজনৈতিক ভাৱে সৱলীকৰন কৰি সমাজত ৰাজনৈতিক, সামাজিক ভাৱে মহিলা এগৰাকীক আগবঢ়াই কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰা পৰ্য্যায়লৈকে নিয়োজিত কৰিব পাৰে তাৰেই উদ্দেশ্যৰে কংগ্ৰেছ দলে আৰম্ভ কৰিছে ইন্দিৰা ফেলোশ্বিপ শক্তি অভিযান | অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰি যিকোনো মহিলাই এই অভিযানত অংশগ্ৰহন কৰিব পাৰিব | বৰ্তমানলৈকে ৩১ হাজাৰ মহিলাই সমগ্ৰ ভাৰতত সক্ৰিয় ভাবে কাম কৰি আছে | সমগ্ৰ অসমতে বৰ্তমানলৈকে ২৮ গৰাকী মহিলাই এই ফেলোশ্বিপ লাভ কৰিছে | সংবাদমেলত শিৱসাগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে |

📠শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ প্ৰতিবেদন |

Leave A Reply

Your email address will not be published.