Daily Time Axom

বিদেশৰ প্ৰজেক্টত কাম কৰি স্বাৱলম্বী হোৱাৰ দিশত দৰঙৰ বহু কৃষক

0 61

তুলিকা গগৈয়ে লৈ আহিছে কৃষকৰ বাবে উন্নয়নমূলক আঁচনি।

হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছে দৰঙৰ বহু কৃষকে।

দীৰ্ঘদিন ধৰি কৃষকৰ বন্ধু তুলিকা গগৈয়ে দৰঙত প্ৰৱেশ কৰিয়েই কৃষকৰ বাবে লৈ আহিছে উন্নয়নমূলক আঁচনি। বিশেষকৈ দৰং জিলাৰ দলগাওঁ সমষ্টিত মূল কেন্দ্ৰ কৰি দলগাঁও, বেছিমৰী, লালপুল, শ্যামপুৰ, আদি অঞ্চলত তুলিকা গগৈয়ে বহু আঁচনি প্ৰদান কৰি থকা দেখিবলৈ পোৱা যায়। দৰং জিলাৰ শ্যামপুৰত এখন ৰাজহুৱা সভা আয়োজন কৰি কৃষকৰ বাবে আন এক নতুন আঁচনি মুকলি কৰে। সভাত যোৱা মাহত কাম কৰা দুখীয়া দৰিদ্ৰ কৃষক সকলৰ মাজত টকা বিতৰণ কৰে কৃষক বান্ধৱী গৰাকীয়ে। কৃষকৰ উন্নতি আৰু মহিলা সৱলীকৰণৰ উদ্দেশ্যে দৰঙৰ কৃষক সকলৰ মাজত গ্ৰহণ কৰি আহিছে বিভিন্ন ধৰণৰ উন্নয়নমূলক পদক্ষেপ। য’ত পুৰুষ মহিলাৰ লগতে বৃদ্ধ লোকেও তুলিকা গগৈৰ আঁচনি সমূহ লাভ কৰিবলৈ বাৰুকৈয়ে লাগি পৰিছে। কৃষকে নিজৰ খেতিৰ খেৰ সমূহ পুৰি চাই কৰি নিজ খেতিত ব্যৱহাৰ কৰিলে প্ৰজেক্টৰ পৰা লাভ কৰিব বহু ধন। আনহাতে দীৰ্ঘ ৫ বছৰ ধৰি গুৱাহাটী নিবাসী কৃষক বান্ধৱী তুলিকা গগৈয়ে বিদেশী প্ৰজেক্টৰ দ্বাৰা কৃষকৰ উন্নতিৰ লগতে মহিলা সৱলীকৰণৰ বাবে কাম কৰি আহিছে । জৈৱিক পদ্ধতিৰে খেতি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে উন্নতি সাধন কৰিবলৈ কৃষকৰ মাজত কাম কৰি আহিছে তুলিকা গগৈয়ে ।

Leave A Reply

Your email address will not be published.