Daily Time Axom

খেল মহাৰণত এইবাৰ টাইকোৱানডো

0 35

ৰাজ্যৰ টাইকোৱানডো খেলুৱৈ সকলৰ বাবে আনন্দৰ খবৰ ।
অনাগত দিনত খেল মহাৰণত অন্তৰ্ভুক্ত হ’ব টাইকোৱানডো ।
ইয়াৰ দ্বাৰা উপকৃত হ’ব ৰাজ্যৰ ৩৫ খন জিলাৰ হাজাৰ হাজাৰ টাইকোৱানডো খেলুৱৈ ।
এই কথা সদৰি কৰিছে সদৌ অসম টাইকোৱানডো সন্থাৰ কাৰ্যকৰী সভাপতি দিগন্ত বৰাই ।
উল্লেখ্য যে আমিনগাও সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচী ৰে অনুষ্ঠিত হৈছে আন্ত: বিদ্যালয় টাইকোৱানডো প্ৰতিযোগিতা ।
প্ৰতিযোগিতা খনত ২০ খন বিদ্যালয়ৰ প্ৰায় দুই শতাধিক টাইকোৱানডো খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।
খেলত অংশ লৈ অনাগত দিনত টাইকোৱানডোৱে খেল মহাৰণত অন্তৰ্ভুক্ত হ’ব বুলি উল্লেখ কৰিছে কাৰ্যকৰী সভাপতি জনে ।
এই খবৰে উৎসাহিত কৰিছে প্ৰতিজন টাইকোৱানডো খেলুৱৈক ।

Leave A Reply

Your email address will not be published.