নামনি অসম তথা বিটিআৰ ৰ বিজনী বৰ কালীবাৰীত চি পি আই (এম )দলৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ বাৰ্ষিক সন্মিলন
নামনি অসম তথা বিটিআৰ ৰ চিৰাং জিলাৰ বিজনী মহুকুমাৰ বৰ কালিবাৰী ত দুইদিনীয়াকৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চি পি আই (এম) ৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে। প্ৰাপ্ত বাতৰিৰ তথ্যমতে সাম্প্ৰতিক সমগ্ৰ দেশজুৰি চি পি আই(এম) নামৰ ৰাজনৈতিক দলটোৰ দিবাৰ্ষিক অধিৱেশন সন্মিলন অনুষ্ঠিত হৈ আছে । সেইমতে প্ৰতিটো ৰাজ্য সমূহৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অসমতো প্ৰতিটো জিলা ,আঞ্চলিক আৰু শাখা সমূহৰ সন্মিলন অনুষ্ঠিত হৈ অহাৰ মূলতঃ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়।আৰু এই সন্মিলনৰ ৰক্ত পতাকা উত্তোলন কৰে চি পি আই(এম) দলৰ জ্যেষ্ঠ নেতা কমলা কান্ত দাসে।আৰু শ্বহীদ তৰ্পণ কাৰ্য্যসূচী মুকলি কৰে দলটোৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক উদ্ধৱ বৰ্মনে ।ইয়াৰ পিছত জিলা সদস্য তৰেন চন্দ্ৰ ৰায়বৰু ৰমেশ ৰায়ৰ সভাপতি মণ্ডলীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত প্ৰায় দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।একেদৰে আজিও প্ৰতিনিধি সভাৰ পিছত অনুষ্ঠিত হোৱা মুকলি সভাত কমৰেড তথা বিধায়ক মনোৰঞ্জন তালুকদাৰ ,ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য কমৰেড নয়ন ভূঞা আৰু প্ৰাক্তন বিধায়ক আৰু সংসদ তথা অতি জ্যেষ্ঠ শীৰ্ষ নেতা উদ্ধৱ বৰ্মন আদিয়ে অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ দিয়ে বুলি বাতৰিটোত প্ৰকাশ।