Daily Time Axom

শিৱসাগৰত বিদেশী পৰ্য্যটকৰ দল

0 45

⭕শিৱসাগৰ জিলা প্ৰশাসনৰ বিপুল আদৰণি

ঐতিহাসিক জয়সাগৰ পুখুৰীৰপাৰৰ ৰুদ্ৰসিংহ উদ্যানত অসমীয়া খাদ্যৰ জুতি লৈ পৰিদৰ্শন কৰিলে আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্ন | অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ প্ৰশংসাত পঞ্চমুগ্ধ হৈ পৰিল বিদেশী পৰ্য্যটক | কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ ১০৪ জন পৰ্য্যটকে দৰ্শন কৰিলে ঐতিহাসিক ৰংঘৰ আৰু ঘনশ্যাম মন্দিৰ | শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম, ৰাছিয়া আদি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ পৰ্য্যটকে চৰাইদেউ মৈদাম, ৰংঘৰ, ঘনশ্যাম মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে আহোম ৰাজত্বকালৰ পৌৰাণিক কীৰ্তিচিহ্ন সমূহ আপ্লুত কৰে বিদেশী পৰ্য্যটকসকলক | প্ৰকৃততে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা ১২ সংখ্যক উত্তৰ পূব আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন দিৱসত যোগদানৰ বাবে অসমত উপস্থিত হোৱা এই সকল পৰ্য্যটকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰাৰ অন্তত কাজিৰঙালৈ ৰাওনা হয় |

Leave A Reply

Your email address will not be published.