Daily Time Axom

বৰপথাৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু

0 18

ডিজিটেল ডেস্ক :হাতী মানুহৰ সংঘাতত আজি পুনৰ প্ৰাণ গল এগৰাকী মহিলাৰ। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ বচাপথাৰ অঞ্চলত শনিবাৰে পুৱাৰ ভাগত এটা বনৰীয়া হাতী প্ৰৱেশ কৰাত অঞ্চলটোৰ ৰাইজক তীব্ৰ আতংকিত কৰি তোলে ৷ কাৰ্বিআংলংৰ নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীটোৱে উক্ত অঞ্চলটোত প্ৰৱেশ কৰি যেনিতেনি চলা ফুৰা কৰিবলৈ লয়। সেই সময়ত চাহ বাগানত মীনা কাটোৱাল নামৰ এগৰাকী মহিলাই চাহ পাত তুলি থকা অৱস্থাত হঠাতে বনৰীয়া হাটীটো আহি মহিলা গৰাকীক আক্ৰমণ কৰি গুৰুত্বৰ ভাৱে আহত কৰে ৷ আহত মহিলাগৰাকীক ততালিকে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও চিকিৎসালয়তে মহিলা গৰাকীৰ মৃত্যু হয় । ইফালে ঘটনা সংঘটিত হোৱাৰ খবৰ তৎমুহূৰ্ততে বিয়পি পৰাৰ লগে লগে ঘটনা স্থলীত শ শ লোক উপস্থিত হৈ বনৰীয়া হাটীটোক খেদিবলৈ লয়। এই খবৰ লাভ কৰাৰ পিছতে বৰপথাৰ খণ্ড বন বিষয়াসহ বনকৰ্মীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে হাতীটোক খেদি পঠিওৱাৰ কাৰণে উদ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে ৷ ইফালে, ধনশিৰি মহকুমাত ক’ভিডৰ অত্যন্ত বেয়া পৰিস্থিতিৰ মাজতো বনৰীয়া হাতী চাবলৈ শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.