Daily Time Axom

সৰুপথাৰৰ পৰা প্ৰকাশ পাব মাহেকীয়া কবিতা আলোচনী “ৰ’দালি”

0 72

ডিজিটেল ডেস্ক : ক’ভিড মহামাৰীয়ে সৰ্বত্ৰে আতংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে উন্নয়নৰ সকলো দিশ স্তব্ধ হোৱাৰ সময়তে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত কাব্যজগতৰ‌ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে দুগৰাকী লেখক তথা কবিয়ে। অহা চেপ্তেম্বৰ মাহৰ পৰা ৰ’দালি প্ৰকাশনৰ জৰিয়তে “ৰ’দালি” নামেৰে নতুন আশা আৰু উদ্দীপনাৰে সম্পূৰ্ণ নব্য চিন্তাধাৰাৰে মাহেকীয়া কবিতা আলোচনী প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্য সম্পাদক হিচাপে বিশিষ্ট কবি গল্পকাৰ স্পনানী গগৈ চেতিয়া আৰু সম্পাদক হিচাপে সৰুপথাৰৰ যুৱ লেখক, কবি মহেশ্বৰ বসুমতাৰীয়ে। অসম নাগালেণ্ড সীমান্তৰ অতি পিছপৰা অঞ্চল ধনশিৰি মহকুমাৰ সৰুপথাৰৰ পৰা “ৰ’দালি” নামাকৰণেৰে এটি নতুন প্ৰকাশন জন্ম দি অসমীয়া সাহিত্য জগতত সামান্য হ’লেও অৰিহণা আগবঢ়োৱাৰ উদ্দেশ্যে দুয়োগৰাকী কবিয়ে দায়িত্ব লৈ আগবাঢ়ি অহাটোৱে ক’ভিড সৃষ্ট আতংকৰ মাজতো ভাল লগা খৱৰৰ উন্মেষ ঘটাইছে। “ৰ’দালি” ৰ মুখ্য সম্পাদক স্পনানী গগৈ চেতিয়া আৰু সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে অহা চেপ্তেম্বৰ মাহৰ পৰা ধাৰাবাহিক ভাৱে প্ৰতি মাহে কবিতা আলোচনীখন প্ৰকাশ পাব। অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰচাৰবিমুখ কবি সকলক উলিয়াই আনি নামজ্বলা বিশিষ্ট কবি, সাহিত্যিক, পাঠক সকলৰ সন্মুখত আত্মপ্ৰকাশ ঘটোৱা আৰু কবিতাক অসম তথা বহিৰাজ্যৰ সকলো স্তৰৰ পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাত সহায় কৰাই হ’ব ৰ’দালিৰ মূল উদ্দেশ্য। অসমৰ নবীন, প্ৰবীণ সকলো কবিত একেলগে এটা মঞ্চত পৰিচয় কৰাবলৈ চেষ্টা কৰিব ৰ’দালিয়ে। ‘ৰ’দালি’ প্ৰকাশন আৰু “ৰ’দালি” কবিতা আলোচনীখন আগবাঢ়ি যোৱাত অসমৰ সকলো পৰ্যায়ৰ জনসাধাৰণৰ পৰা সহযোগ আৰু আশীৰ্বাদ বিচাৰিছে সম্পাদক দুগৰাকীয়ে আৰু যি   সকল শ্ৰদ্ধাৰ কবি তথা সুহৃদ পঢ়ুৱৈয়ে কবিতা প্ৰেৰণ অথবা বছেৰেকীয়া গ্ৰাহক হ’বলৈ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকক তলত উল্লেখ কৰা ঠিকনাত যোগাযোগ কৰিবৰ বাবে মুখ্য সম্পাদক স্পনানী গগৈ চেতিয়াই আন্তৰিকতাৰে অনুৰোধ জনাইছে।     ভ্ৰাম্যভাষ- (হোৱাটচ্ এপ) ৭০০২৬৬৪৮৫৩ E-mail- rodalipublication @gmail.com

Leave A Reply

Your email address will not be published.