মহাবিদ্যালয়ত আসনৰ সংখ্যাতকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক । নামভৰ্তিৰ ক্ষেত্ৰত আহিছে সমস্যা । শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।
ডিজিটেল ডেস্ক :শিক্ষা হৈছে মানুহৰ এক মৌলিক অধিকাৰ। যিটো সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰাকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীক পৰীক্ষাত উৰ্ত্তীৰ্ণ কৰাই দিয়াৰ পিছত এতিয়া সমস্যাত পৰিব লগা হৈছে বহু ছাত্ৰ ছাত্ৰী । বৰ্তমান ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে উচ্চতৰ মাধ্যমিক তথা মহাবিদ্যালয় সমূহত নামভৰ্ত্তি কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা সীমিত হোৱাৰ উপৰিও আন্তঃগাঁঠনি অভাবৰ লগতে , শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কম হোৱাৰ হেতুকে আসনৰ সংখ্যাতকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক হোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ধনশিৰি মহকুমাত । বৰ্তমান মানসিক ভাৱে ভাগি পৰিছে আসন নোপোৱা ছাত্ৰ ছাত্ৰী সকল। চিন্তিত হৈছে অভিভাৱক সকল। ইফালে ধনশিৰি মহকুমাত এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাত ১৯ আগষ্টত সৰুপথাৰ মহাবিদ্যালয়ৰ আছু গোট আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি মহাবিদ্যালয় সমূহত আসনৰ অভাৱত ছাত্ৰ ছাত্ৰী সকল যাতে উচ্চ শিক্ষা লোৱাৰ পৰা বঞ্চিত নহয় তাৰ বাবে শীঘ্ৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

আনহাতে ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাইয়ো ধনশিৰি মহকুমাৰ মহকুমাধিপতি জৰিয়তে আসন বৃদ্ধি আৰু মহাবিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰিবৰ বাবে অসমৰ শিক্ষা মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।