Daily Time Axom

আফগানিস্তানত সংগীত নিষিদ্ধ কৰিব তালিবানে

0 22

ডিজিটেল ডেস্কঃ তালিবানৰ মতে ইছলামত সংগীত নিষিদ্ধ, গতিকে আফগানিস্তানতো নিষিদ্ধ হ’ব সংগীত। উ্লেখ্য যে পূৰ্বেও  ১৯৯৬ চনত তালিবানে আফগানিস্তানত শাসন চলোৱাৰ সময়তো দেশখনত সংগীত চৰ্চা নিষিদ্ধ কৰিছিল। শেহতীয়াকৈ তালিবানে শাসনভাৰ দখল কৰাৰ পাছতে আফগান নাগৰিকক সংগীত চৰ্চাৰ পৰা বিৰত থাকিবলৈ সকিয়নী প্ৰদান কৰিছে।

তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে কৰিছে এই মন্তব্য। নিউয়ৰ্ক টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জাবিউল্লাহে কয়, “ইছলামত সংগীত নিষিদ্ধ। তেওঁ দেশৰ নাগৰিকক সংগীতৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনাইছোঁ। আমি আফগান নাগৰিকক সৈমান কৰাব বিচাৰিছোঁ, হেঁচা প্ৰয়োগ কৰিব বিচৰা নাই।”
উল্লেখ্য যে ৰাজহুৱাকৈ সংগীত চৰ্চা এক পাপ কাম। তালিবানৰ শাসনকালত পূৰ্বেও সংগীতকে ধৰি, টিভি, চিনেমা আদি নিষিদ্ধ কৰা হৈছিল। ২০০১ত তালিবানে ক্ষমতা হেৰুৱাৰ পাছত আফগানিস্তানত সংগীতকে ধৰি মনোৰঞ্জনৰ আন আন সকলো উপাদানেই পুনৰ প্ৰাণ পাই উঠিছিল। ইমানেই নহয় আফগান যুৱতীয়েও মুকলিকৈ সংগীত চৰ্চা আৰু গীত পৰিৱেশন কৰিছিল। শেহতীয়াকৈ বিভিন্ন স্থানত তালিবান কেডাৰে বাদ্যযন্ত্ৰ ভঙাৰ দৃশ্য ভাইৰেল হৈছে।

১৬ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছত আফগানিস্তানত পুনৰ সংগীত নিষিদ্ধ হোৱাৰ পথত।

Leave A Reply

Your email address will not be published.