অসম কন্যা লাভলীনাক অ’ এন জি চিৰ সম্বৰ্ধনা । উচ্চ মানদণ্ডৰ জিম প্ৰদান কৰিব লাভলীনাক
ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক প্ৰাপক তথা অসম কন্যা লাভলীনা বৰগোহাঁইক এটি ব্যক্তিগত উচ্চ মানদণ্ডৰ জিম প্ৰদান কৰিব অ’ এন জি চিয়ে ৷ শুকুৰবাৰে অলিম্পিক পদক জয়ী লাভলীনা বৰগোহাঁইৰ বৰপথাৰ বাৰমুখীয়াৰ বাসগৃহত উপস্থিত হয়হি যোৰহাট চিনামৰাস্থিত অ’এন জি চিৰ ইডি বেচিন মেনেজাৰ সুষমা ৰাৱট আৰু জেনেৰেল মেনেজাৰ লিলী পি চাৱাঙৰ লগতে ভালেকেইজন উচ্চ পদস্থ বিষয়া ৷ উল্লেখযোগ্য অ’ এন জি চিৰ যোৰহাট চিনামৰাস্থিত কাৰ্যালয়ৰ শীর্ষ বিষয়াসকলে লাভলীনাক সম্বৰ্ধনা জনোৱাৰ লগতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই আৰু লাভলীনাৰ প্ৰথম গুৰু বৰপথাৰৰ প্ৰশান্ত কুমাৰ দাসকো সম্বৰ্ধনা জ্ঞাপন কৰে ৷
অনাগত দিনত লাভলীনাৰ গৃহ ভূমি বৰপথাৰৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাৰ পৰা যাতে লাভলীনাৰ দৰে আৰু আন বহুতো ক্ৰীড়া প্ৰতিভা থকা লোক বাহিৰলৈ উলিয়াই নিব পৰা যায় তাৰবাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অ’এন জি চিৰ উচ্চ পদস্থ বিষয়া সকলে অৱগত কৰে। ইফালে ক্ৰীড়া আন্তঃগাথনি নথকা ধনশিৰি মহকুমাৰ বৰপথাৰ অঞ্চলত এটি বক্সিং ৰিঙৰ ব্যৱস্থা কৰিবলৈ অ’ এন জি চি কৰ্তৃপক্ষক অনুৰোধ কৰে ধনশিৰি মহকুমাৰ কেইবাজনো সাংবাদিকে ৷ প্ৰথম পৰ্যায়ত অসম কন্যা লাভলীনা বৰগোহাঁইক অ’ এন জি চিৰ তৰফৰ পৰা ব্যক্তিগত শৰীৰ চৰ্চা কেন্দ্ৰ এটা প্ৰদান কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত বক্সিং ৰিঙৰ বিষয়ে ব্যৱস্থা গ্ৰহণ বুলি আশ্বাস প্ৰদান কৰে ৷