গুৱাহাটীত অকলশৰীয়া বৃদ্ধ দম্পতীক শোৱাপাটীতে নৃশংস হত্যা
অপৰিধী মানসিকতাৰ লোকৰ সংখ্যা পাইছে ৰাজধানী চহৰ গুৱাহাটীত ৷ মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে । ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক শোৱাপাটীতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ দেহৰ আঘাতলৈ চাই চোকা অস্ত্ৰৰে এই নৃশংস হত্যা কৰিছে বুলি ক’ব পৰা যায় ৷ নিহত অশীতিপৰ লোকজন ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)। তেওঁলোকৰ সন্তান কৰ্মসূত্ৰে বেংগালুৰু আৰু লণ্ডনত থাকে বুলি জনা গৈছে ৷ ঘটনাৰ প্ৰকৃতিলৈ চাই ডকাইতৰ দলে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে ৷ পুৱাই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তইহে হত্যাকাৰীক কৰায়ত্ত আৰু হত্যাৰ উদ্দেশ্য নিৰ্ণয় কৰিব ৷