চুবুৰীয়া ৰাজ্যত বন্ধ হ’ল গুটখা, পান মছলা, অসমত বন্ধ হ’ব কেতিয়া?
ধঁপাত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক! চলচ্চিত্ৰ নতুবা ধাৰাবাহিকত সেইবোৰ বাৰে বাৰে পৰ্দাত দেখুওৱা হয়। কিন্তু সেই সতৰ্কবাণীটো প্ৰকৃততে কিমানজনে মানি চলে? গুটখাৰ দৰে ধঁপাতজাতীয় সামগ্ৰী বজাৰত বিক্ৰী সদায় বিক্ৰী হৈ আছে। কৰ্কট ৰোগত হিচাপ কৰিব নোৱৰাকৈ মৃত্যু হৈছে মানুহৰ। এইবাৰ, আমাৰ চুবুৰীয়া এখন ৰাজ্যৰ চৰকাৰে ধঁপাত জাত সামগ্ৰীৰ বিক্ৰী আৰু ক্ৰয় নিষিদ্ধ কৰিছে।
হয়, পশ্চিমবংগত নিষিদ্ধ হ’ল গুটখা, পান মছলা ৷ মমতা বেনাৰ্জী চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সোমবাৰে নিশা এই প্ৰসংগত এক নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনাত চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ খাদ্য সুৰক্ষা বিভাগৰ সঞ্চালক তপন কান্তি ৰুদ্ৰই স্বাক্ষৰ কৰি ৭ নৱেম্বৰৰ পৰা বংগত গুটখা, পানমচলা আদি ধঁপাত জাতীয় সামগ্ৰীৰ উৎপাদন, বিক্ৰী, সংৰক্ষণ, ব্যৱহাৰ নিষিদ্ধ কৰিছে বুলি জানিব পৰা গৈছে । সিদ্ধান্তটো ২০০৬ চনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত লোৱা হৈছিল। নিৰ্দেশনাৱলীত এইটোও কোৱা হৈছে যে সিদ্ধান্তটো জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত আধাৰিত । গুটখা জাতীয় সামগ্ৰী প্ৰকৃতাৰ্থত বন্ধ কৰিবলৈ সক্ষম হ’ব নে পশ্চিমবংগ চৰকাৰ?ধঁপাতবিহীন বুলি কৈ পুনৰ গুটখা জাতীয় অখাদ্য পুনৰ চলিব নেকি বজাৰত ? এতিয়া প্ৰশ্ন হয়, অসমত কেতিয়া বন্ধ হ’ব গুটখা?