Daily Time Axom

থাওৰাত মাৰাথান নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ , অখিল গগৈক কটাক্ষ

0 18

থাউৰা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মঙলবাৰে ধাৰাবাহিক প্ৰচাৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ ৷ বিজেপি-ইউপিপিএল-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ সমৰ্থনত শিৱসাগৰৰ টেঙ্গাপানী ট্ৰাইবেল হাইস্কুল খেলপথাৰত আজিৰ ৰাজহুৱা প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পশ্চিম পানীদিহিং অঞ্চলত উন্নয়নে বিস্তাৰ লাভ কৰাৰ লগতে মানুহক ভূমি পট্টা প্ৰদান কৰা হ’ব বুলি ড০ শৰ্মাই তেওঁৰ ভাষণত প্ৰতিশ্ৰুতি দিয়ে । দিচাং আৰু দিহিং নদীৰ ওপৰত এটা পথ আৰু এখন দলং নিৰ্মাণ কৰাৰ উপৰিও বলীয়া বাবা থানক এক গুৰুত্বপূৰ্ণ পৰ্যটন স্থলীলৈ ৰূপান্তৰিত কৰা হ’ব বুলিও তেওঁ কয়।
আনহাতে, থাওৰাৰ নিতাইপুখুৰীত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক পৰিবৰ্তনৰ কথা কোৱাৰ লগতে বিভিন্ন পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ড০ শৰ্মাই। তদুপৰি থাওৰাত প্ৰচাৰৰ বাবে বাহৰ পতা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক কটাক্ষ কৰি কয় যে,’ মই পঞ্চায়তত ঘূৰা বাবে অখিল গগৈয়ে বেয়া পাইছে। কিন্তু মুখ্যমন্ত্ৰী ৰজা নহয় । মুখ্যমন্ত্ৰীয়ে গাঁৱে-ভূঞে, চহৰে-নগৰে ঘূৰাটোৱেই তীৰ্থযাত্ৰা।’
লগতে গোঁহাইবাৰীৰ প্ৰচাৰ সভাত ৰাইজক সম্বোধনেৰে বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে- ভাওনা কৰিবলৈ অহা মানুহক ভোট দি লাভ নাই। ভোট তেওঁলোকক দিব লাগে যি সদায় কাষত থাকে।

Leave A Reply

Your email address will not be published.