গােসাইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত শেষৰ দিনা নির্বাচনী প্রচাৰ মুখ্যমন্ত্ৰীৰ
উপ-নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনটোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৩ খনকৈ বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি প্ৰচাৰ অভিযানৰ সামৰণি মাৰে ৷ গোঁসাইগাঁও, তামোলপুৰ আৰু ভবানীপুৰ সমষ্টি তিনিটাৰ মিত্ৰজোঁটৰ প্রার্থীসকলক বিপুল ভােটত উপ-নিৰ্বাচনত জয়যুক্ত কৰাৰ বাবে ভােটাৰ ৰাইজক আহ্বান জনায় ড° হিমন্ত বিশ্ব শৰ্মাই ৷
গোঁসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্ৰজোঁট ইউপিপিএল দলৰ প্রার্থী জিৰণ বসুমতাৰী, ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি দলৰ প্রার্থী ফণীধৰ তালুকদাৰ আৰু তামুলপুৰ বিধান সভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্রজোট ইউপিপিএল দলৰ প্রার্থী জলেন দৈমাৰীৰ সমৰ্থনত শ্যামাগুৰি খেলপথাৰ, সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয় খেলপথাৰ আৰু তামুলপুৰৰ কটহবাৰী খেলপথাৰত আয়ােজিত নির্বাচনী সভা কেইখনত ভাষণ প্রদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ আগন্তুক ৫ টা বছৰত
চৰকাৰখনে শান্তি, সমৃদ্ধি, বিকাশ আৰু উন্নয়নৰ এখন নতুন অসম গঢ়াৰ দিশত ৰাজ্যখনৰ সকলাে জাতি-জনগােষ্ঠীক লগত লৈ কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই নির্বাচনী সভা কেইখনত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিন, মন্ত্রীসকল ক্ৰমে ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্রহ্ম, অশােক সিংহল, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়াে, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা, বিধায়কসকলক ক্রমে পৃথ্বীৰাজ ৰাভা, লঞ্চে ইছলাৰী, অজয় কুমাৰ ৰয়, পৰমানন্দ ৰাজবংশী, ৰামকৃষ্ণ ঘােষ, হেমাংগ ঠাকুৰীয়া, দিগন্ত কলিতা, জিতু গােস্বামী, প্রাক্তন বিধায়ক মনােৰঞ্জন দাস, ইমানুৱেল মুছাহাৰী, তিনিওটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হােৱা প্রার্থীসকলৰ লগতে মিত্ৰজোঁটৰ দল কেইটাৰ শীর্ষ নেতাসকলে অংশগ্রহণ কৰে।