Daily Time Axom

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া

0 7

ভৱানীপুৰ সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লৈ উপ-নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য শেষ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ পুৱাৰ ভাগতে বুধবাৰে শ্বহীদ দিলীপ কুমাৰ দাসৰ আবক্ষ মূৰ্ত্তি উন্মোচন কৰি বীৰ শ্বহীদ গৰাকীক প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে এ পি চি চিৰ সভাপতি গৰাকীয়ে । ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ কুমাৰ দাসৰ হৈ দিনটোত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে নেতাগৰাকীয়ে । প্ৰচাৰ সভাৰ মাজতে শ্ৰীবৰাই সংবাদ মাধ্যম সম্বোধন কৰি কয়, “ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাস কুলষিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনত ৰাইজক প্ৰলোভিত কৰাৰ বাবে প্ৰতাৰণা কৰাৰ বাবে, নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি নিজ হাতে নিৰ্বাচন আয়োগক নি:চৰ্ত ক্ষমা আবেদন জনাইছে। এয়া কেৱল অসমৰ ৰাজনৈতিক ইতিহাসৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে “ক’লাদিন”। লগতে মুখ্যমন্ত্ৰীৰ প্ৰতি অভিযোগ ক্ষমতাৰ ৰাগীত বলীয়ান হৈ যি কোনো স্তৰলৈ যাবলৈকেও কুন্ঠাবোধ নকৰে এই গৰাকী মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে তেখেতে নিৰ্বাচন আয়োগৰ ওচৰত নি:চৰ্ত ক্ষমা মাগিব লগা হৈছে তেঁও । লগতে এই অক্ষমণীয় অপৰাধৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা বিচৰাৰ বাবে দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৰাকীয়ে।
ইফালে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো শিৱসাগৰত উপ-নিৰ্বিচনক লৈ এক সংবাদমেল সম্বোধন কৰে ৷ দেৱব্ৰত শইকীয়াৰ অভিযোগ- “উপ-নিৰ্বাচনৰ বিভিন্ন প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে। আৰু সেয়েহে যোৱা ২২ অক্টোবৰ,২১ত মই তেখেতৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এক গোচৰ ৰুজু কৰিছিলোঁ। এই গোচৰৰ ভিত্তিতেই নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। লগতে ডঃ শৰ্মাই যাতে ভৱিষ্যতে নিৰ্বাচনী সভা নতুবা ৰাইজৰ আগত ভাষণ ৰাখোতে মুখ চম্ভালি কথা কয়, তাৰ বাবেও কঠোৰ ভাষাৰে সকীয়াই দিছে। মুখ্যমন্ত্ৰীৰ দৰে আসনত বহি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ডঃ শৰ্মাই মৰিয়নী, থাওৰা আৰু ভৱানীপুৰ সমষ্টিবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসীক যি অপমান কৰিলে, তাৰ বাবেও ডঃ শৰ্মাই অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে।”

Leave A Reply

Your email address will not be published.