Daily Time Axom

লাভলীনালৈ দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান ’খেলৰত্ন’

0 15

বিশ্বত অসমৰ নাম উজলাই তোলা অসম কন্যা লাভলীনা বৰগোঁহাইলৈ সৰ্বোচ্ছ ক্ৰীড়া সন্মান খেলৰত্ন সন্মান ৷ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা, ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাই আৰু ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেট্টীও এই বছৰৰ খেল ৰত্ন বঁটাৰ বাবে বাছনিভুক্ত কৰা ১১ জন খেলুৱৈৰ ভিতৰত আছে।
ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বাবে তালিকাত থকা খেলুৱৈসকলৰ ভিতৰত আছে ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা ৰবি দাহিয়া, ক্ৰিকেটাৰ মিতালী ৰাজ, হকী খেলুৱৈ পি আৰ শ্ৰীজেশ। শ্বুটাৰ অৱনী লেখাৰা এই বঁটা লাভ কৰা পাঁচজন পেৰা-এথলীটৰ ভিতৰত আছে।
আনহাতে আন ৩৫ জন খেলুৱৈকো অৰ্জুন বঁটাৰে সন্মানিত কৰা হ’ব। পূৰ্বতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হিচাপে পৰিচিত এই বঁটাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ টকিঅ’ অলিম্পিক ২০২০ত হকীত ভাৰতৰ অভিলেখ প্ৰদৰ্শনৰ পিছত কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ নামেৰে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ নাম সলনি কৰিছিল।
মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা ২০২১-ৰ বাবে সকলো খেলুৱৈৰ হ’ল :
নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি দাহিয়া (কুস্তি), পিআৰ শ্ৰীজেশ (হকী), লভলিনা বৰগোহাঁই (বক্সিং), সুনীল ছেত্ৰী (ফুটবল), মিতালী ৰাজ (ক্ৰিকেট), প্ৰমোদ ভগত (বেডমিণ্টন), সুমিত এণ্টিল (জেভেলিন), অৱনী লেখাৰা (শ্বুটিং), কৃষ্ণ নগৰ (বেডমিণ্টন), মনীষ নৰৱাল (শ্বুটিং)।

Leave A Reply

Your email address will not be published.