Daily Time Axom

অসুস্থ জুবিন গাৰ্গ চিকিৎসাধীন, বিপদমুক্ত

0 11

বৃহস্পতিবাৰে নিশা ১০.৩০ বজাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে শিল্পীগৰাকী উচ্চ ৰক্তচাপজনিত সমস্যাত ভোগিছে। জুবিন গাৰ্গক হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাবধানত ৰখা হৈছে।চিকিৎসকে জনোৱা মতে চিন্তাৰ কাৰণ নাই। বিপদমুক্ত জুবিন গাৰ্গ ৷ চিকিৎসকে জনাই যে তেওঁ বৰ্ত্তমান সুস্থ হৈ উঠিছে। আনহাতে জুবিন গাৰ্গেও হাস্পতালৰ পৰা অনুৰাগীলৈ প্ৰেৰণ কৰা এক ভিডিঅ বাৰ্তাত তেওঁ ভালে থকা বুলি জানিব দিছে।

Leave A Reply

Your email address will not be published.