Daily Time Axom

বেলতলাৰ বৃদ্ধ দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ

0 7

গুৱাহাটীৰ বেলতলা ছাৰ্ভেৰ চন্দন নগৰত শোৱাপাটীতে বৃদ্ধ দম্পত্তি ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে তেঁওলোকৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে ৷
অৱশেষত ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত মুখ খুলিলে হত্যাকাৰী আকাশে ৷
বৃহস্পতিবাৰে বশিষ্ঠ আৰক্ষী থানাত ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত মুখ খুলিলে আকাশে। হত্যা কৰাৰ কথা স্বীকাৰ কৰিলেও অন্তৰ্নিহিত কথা গোপন কৰাৰ চেষ্টা চলাইছে আকাশে ৷
হত্যাৰ সন্দেহত বৃদ্ধ বৰুৱা দম্পতীৰ কেয়াৰটেকাৰ হিচাবে প্ৰায় ২০ বছৰ থকা আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল । কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পিছৰতোপ অস্বীকাৰ কৰি আহিছিল হত্যকাৰী আকাশে । আৰক্ষীয়ে কেইবাটাও দৃষ্টিকোণৰপৰা তদন্ত অব্যাহত ৰাখিছে ৷ সম্পত্তিৰ কাৰণেই হত্যা কৰা বুলি কোৱা হৈছে যদিও হত্যাৰ মূল উদ্দেশ্য প্ৰসংগত আৰক্ষীক দিকভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে আকক্ষীৰ জিম্মাত ৷

Leave A Reply

Your email address will not be published.