ৰাজনৈতিক কৰ্মীয়ে ঘাঁহ খাই দিব ২৬ লিটাৰ গাখীৰ ৷ বি জে পি নেতা আৰু ইউ পি পি এল নেতালৈ ঘাঁহৰ বীজ প্ৰেৰণ কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ৷
এইবাৰ ৰাজনৈতিক বিতৰ্কৰ চৰ্চাৰ শিৰোনামলৈ আহিছে- দানা খোৱা, গাখীৰ দিয়া ৰাজনৈতিক নেতা আৰু মুখ্যমন্ত্ৰীৰ ভাষণ ৷ ৰাইজে দানা দিলে এদিনত ২৬ লিটাৰকৈ গাখীৰ দিব আৰু ৰাইজে গাখীৰ খাবলৈ পাব ৷ কথাবোৰ শুনিবলৈ আচহুৱা যেন লগা নাইনে?
শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে থাওৰা আৰু গোঁসাইগাওঁ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু ইউ পি পি এলক দানা খুৱাবলৈ ৰাজহুৱাকৈ আহ্বান জনাইছিল।
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাবে বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বি টি আৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োলৈ ৪ কিলোগ্ৰামকৈ গৰুৱে খোৱা ঘাঁহৰ বীজ অনলাইনযোগে নিজৰ নিজৰ ঠিকনালৈ প্ৰেৰণ কৰিছে।
লগতে ৰাইজৰ প্ৰতি দল দুটাৰ সদস্যসকলৰ বাবেও দানা যোগান ধৰিবলৈ আহ্বান জনাইছে দেৱব্ৰত শইকীয়াই । যাতে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে দল দুটাৰ সদস্য সকলে দৈনিক ২৬ লিটাৰ কৈ গাখীৰ দিব পাৰে , প্ৰতিটো পৰিয়ালে গাখীৰ খোৱাৰ উপৰিও ৰাহি হোৱা গাখীৰ চৰকাৰে দিয়া চাউলৰ লগত ব্যৱহাৰ কৰি পায়স তৈয়াৰ কৰিব পাৰে। বিৰোধীৰ দলপতিজনে কৰা এই ৰাজনৈতিক উপহাসৰ প্ৰত্যুত্তৰ প্ৰতিপক্ষই কিদৰে দিয়ে সেয়া হ’ব মন কৰিবলগীয়া ৷
