Daily Time Axom

ওলোটাকৈ চলা ভাৰতৰ একমাত্ৰ ৰে’লখন

0 7

এখন ৰে’ল ওলোটাকৈ ২.৫ কিলোমিটাৰ চলাৰ পিছত ৰখোৱা হৈছিল এটা ষ্টেচনত।

ৰাণু দাস নামৰ মহিলাগৰাকী টাটা নগৰৰ পৰা ভূৱনেশ্বৰলৈ আনন্দ বিহাৰ-ভূৱনেশ্বৰ এক্সপ্ৰেছ ৰে’লৰ পঞ্চম ডবাত আছিল। তেওঁ উৰিষ্যাৰ জলেশ্বৰলৈ গৈ আছিল। ৰে’ল বিষয়াসকলে সদৰি কৰি মতে যে ৰাণুৱে ৰে’লখনৰ ভিতৰতেই এটা কেঁচুৱা প্ৰসৱ কৰিছিল।
পিছত মাক আৰু শিশুক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে ৰে’লখন পিছফালে চলাবলৈ সিদ্ধান্ত লোৱা হৈছিল।

টাটা নগৰ ৰে’লৱে কৰ্তৃপক্ষই কৈছিল যে নৱজাতক আৰু মাতৃৰ স্বাস্থ্যৰ কথা বিবেচনা কৰি ৰে’লখন আগৰ ষ্টেচনলৈ গৈ ৰৈ পিছফালে চলাবলৈ সিদ্ধান্ত লোৱা হৈছিল কিয়নো পৰৱৰ্তী ষ্টেচন হিজিলৰ দূৰত্ব বহুত বেছি আছিল।

Leave A Reply

Your email address will not be published.