Daily Time Axom

১২২৬ কিলোগ্ৰাম ওজনৰ এটা দৈত্যকায় ৰঙালাও

0 7

ৰঙালাওৰ বিষয়ে সাধাৰণতে বহু কথা কোৱা হয়। কিন্তু আচৰিত হ’ব যে এটা ৰঙালাওৱে বিশ্ব অভিলেখ সৃষ্টি কৰিছে ৷ হয়, ইটালীত প্ৰায় অবিশ্বাস্য ঘটনা এটা ঘটিছে।
ইটালীৰ টাস্কানিৰ ৰাডাট, চিয়াণ্টিৰ বাসিন্দা ষ্টেফানো কাট্ৰুপীয়ে যোৱা মাৰ্চ মাহত ৰঙালাও খাবলৈ এটা ৰঙালাও পুলি ৰোপণ কৰিছিল।

এতিযা তেওঁৰ পথাৰত এটা ডাঙৰ ৰঙালাও লাগিছে। যোৱা মঙলবাৰে পিছাৰৰ ওচৰৰ পেকিওলিত এটা ৰঙালাও উৎসৱৰ আয়োজন কৰা হৈছিল। তাত ষ্টেফানোৰ সেই ৰঙালাওটো প্ৰদৰ্শনীৰ বাবে অনা হয়। ইয়াতে তেওঁৰ ৰঙালাওটোৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছে । কাট্ৰুপি ২০০৮ চনৰ পৰা মুখ্যতঃ ৰঙালাও উৎপাদনৰ স’তে জড়িত হৈ আছে। এইটোৱেই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ এতিয়ালৈকে আটাইতকৈ গধুৰ ৰঙালাও হিচাপে স্থান লাভ কৰিছে। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ ৱেবছাইটত কোৱা হৈছে যে ষ্টেফানোৰ ৰঙালাওটোৰ ওজন ২,৭০২ পাউণ্ড বা ১,২২৬ কিলোগ্ৰাম।

Leave A Reply

Your email address will not be published.