Daily Time Axom

১১০কিলোমিটাৰ চাইকেল চলাই গৈ দিলে টেট পৰীক্ষা

0 12

ল’ৰাজনৰ নাম কৰ্ণ কুলি ৷ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অন্তৰ্গত ৷ জীৱনৰ বাটত এখোজ আগবাঢ়িবলৈ কৰ্ণই কৰা কষ্টই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ দেওবাৰে ৰাজ্যজুৰি হ’ল টেট পৰীক্ষা ৷ বিহপুৰীয়াৰ কৰ্ণৰ পৰীক্ষা কেন্দ্ৰ পৰিছিল ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত ৷ দুয়োখন ঠাইৰ দূৰত্ব প্ৰায় ১১০ কিঃ মিঃ ৷ পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ কৰ্ণৰ হাতত নাছিল প্ৰয়োজনীয় ধন ৷ যাৰ বাবে তেঁও ১১০ কিঃমিঃ চাইকেল চলাই উপস্থিত হ’লগৈ পৰীক্ষা কেন্দ্ৰত ৷ আৰ্থিক দীনতায়ো বাধা দিব নোৱাৰিলে তেঁওক ৷
শনিবাৰে ৰাতিপুৱা ১০ বজাত তেওঁ ঘৰৰ পৰা ওলাই আহে আৰু একেৰাহে ১১০কিলোমিটাৰ চাইকেল চলাই পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ কৰ্ণ কুলিয়ে পৰীক্ষাত অৱতীৰ্ণ হয়।

Leave A Reply

Your email address will not be published.