থাওৰা সমষ্টিত বি জে পিৰ জয় ৷ ৩০৫৬১ ভোটত জয় সুশান্ত বৰগোঁহাইৰ ৷ ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰ দ্বিতীয় স্থানত ৷
ড°অসমৰ ৫টা সমষ্টিৰ বিধান সভা নিৰ্বাচনৰ ঘোষিত ফলাফলত শিৱসাগৰৰ ১০৭ নম্বৰ থাওৰা সমষ্টিত বি জে পিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই জয়ী হৈছে ৷ মুঠ ৫৪৯৫৬ টা ভোট লাভ কৰি ৩০৫৬১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে ৷ সুশান্ত বৰগোঁহাইয়ে নিকটৱৰ্তী প্ৰতিদন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰক ৩০৫৬১ টা ভোটত পৰাজিত কৰে ৷ ৰাইজৰ দলৰ প্ৰাৰ্থীজনে লাভ কৰে ২৪৩৯৫টা ভোট ৷ উল্লেখযোগ্য যে, কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি বি জে পি ত যোগ দিছিল সুশান্ত বৰগোঁহায়ে ৷ ছমাহৰ ভিতৰত পুনৰ থাওৰাৰ পৰাই বি জে পি বিধায়ক ৰূপে জয় লাভ কৰিলে সুশান্ত বৰগোঁহায়ে ৷