Daily Time Axom

দেৱালীৰ উপহাৰ ! পেট্ৰ’লৰ পাঁচ টকা আৰু ডিজেলৰ ১০ টকা হ্ৰাস কেন্দ্ৰীয় কৰিলে চৰকাৰে ৷

0 7

কেন্দ্ৰ আৰু কিছুমান ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰি দেৱালীৰ উপহাৰ দিছে জনতাক। উৎসৱৰ বতৰত চালকসকলে মূল্যবৃদ্ধিৰ পৰা সামান্য সকাহ পাইছে।

এই সিদ্ধান্তই প্ৰতিটো পৰিয়ালৰ বাজেটত এতিয়া প্ৰভাৱিত কৰিব। বুধবাৰে সন্ধিয়া, কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ পাঁচ টকা আৰু ডিজেলৰ ১০ টকা হ্ৰাস কৰে। অতি সোনকালেই, বহুকেইখন ৰাজ্য চৰকাৰে তেওঁলোকৰ ভেটৰ পৰিমান হ্ৰাস কৰে যাৰ বাবে আকাশচুম্বী পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সামান্য হ্ৰাস পায়।

৯ খন বিজেপি শাসিত ৰাজ্যত সামান্য কমিছে পেট্ৰ’ল-ডিজেলৰ দাম

অসম, ত্ৰিপুৰা, মণিপুৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম কমাৰ ফলত পেট্ৰ’ল ১২ টকা আৰু ডিজেল১৭ টকা কৈ সস্তা হ’ল। হাৰিয়ানা চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত সকাহ দিছে। ৰাজ্যখনত ১২ টকাৰ পেট্ৰ’ল আৰু ডিজেল সস্তা হ’ব।  গুজৰাট, কৰ্ণাটক আৰু গোৱাতো পেট্ৰ’ল ১২ টকা আৰু ডিজেল ১৭ টকাকৈ দাম কমিল। কিন্তু উত্তৰাখণ্ড চৰকাৰে পেট্ৰ’লৰ ওপৰত ভেট ২ টকা হ্ৰাস কৰিছিল কিন্তু ডিজেলৰ ওপৰত কোনো সকাহ দিয়া নাছিল। ফলস্বৰূপে, পেট্ৰ’ল ৭ টকা আৰু ডিজেল ১০ টকা সস্তা হয়। বিহাৰ চৰকাৰে পেট্ৰ’লৰ পৰা ভেট ১.৩০ পইচা হ্ৰাস কৰিছিল আৰু ডিজেলত ১ টকা ৯০ পইচা হ্ৰাস কৰিছে বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.