ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে দক্ষিণ কামৰূপৰ সোণতলীত ৷ গৰৈমাৰী বিলৰজানত তীব্ৰ খহনীয়া ৷
বিগত ২০ বছৰে বৰলুইতৰ খহনীয়া অব্যাহত থকাৰ ফলত ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে প্ৰায় ৩০খনকৈ ৰাজহ গাও ৷
জাহ গৈছে কুৰিৰো অধিক চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ৷ নদীত জাহ গৈছে পানীখাইত নৈপৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, লটৰীয়াদিয়া প্ৰাথমিক বিদ্যালয়, পানীখাইতী প্ৰাথমিক বিদ্যালয়, কান্ধাৰপাৰ প্ৰাথমিক বিদ্যালয়, বিলপাৰা প্ৰাথমিক বিদ্যালয়, পানীখাইতি মধ্য ইংৰাজী বিদ্যালয় আদি ৷
বাৰিষাৰ পিছতো এইদৰে অব্যাহত আছে তীব্ৰ গতিত বৰলুইতৰ প্ৰৱল গৰাখহনীয়া।
ইয়াৰ ফলত অৰ্ধশতাধিকৰ পৰিয়ালৰ ঘৰ-দুৱাৰ,সা-সম্পত্তি, কৃষিভুমি ব্ৰহ্মপুত্ৰৰ বুকুত চিৰ দিনৰ বাবে হেৰুৱাবলীয়া হৈছে ৷
বাৰিষাৰ পিছতে প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে গৃহহীন হোৱাৰ লগতে স্থানান্তৰ কৰিবলগীয়া হৈছে দুইকুৰি পৰিয়ালৰ বাসস্থান ৷
অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
এসময়ত ধান-চাউলে ভৰা সংসাৰৰ মালিকে সম্প্ৰতি দিন হাজিৰা কৰি পোহপাল দিবলগীয়া হৈছে পৰিয়ালক ৷ কোনোবাজনে আকৌ ব্ৰহ্মপুত্ৰৰ বুকুত ঘৰ-দুৱাৰ সাম্পত্তি আদি হেৰুৱাই খুজি মাগি পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছে ৷
খহনীয়াগ্ৰস্ত পৰিয়ালে আশ্ৰয়ৰ বাবে ঢাপলি মেলিবলগীয়া হৈছে মথাউৰি কাষত, নতুন কোনোবা চৰ অথবা আত্মীয়ৰ ঘৰলৈ ৷
ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে সোণতলীৰ ঐতিহাসিক মাহতলী বজাৰলৈ ৷
এই সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ থকাৰ ফল স্বৰূপে এপাচি শাকত এটা জলকীয়াৰ লেখিয়াকৈ পানীখাতিত সামান্য পৰিমাণৰ জিঅ’ বেগৰ কাম কৰাৰ লগতে দুটা পাৰ্কুপাইন পেলাই দায় সামৰিছে জলসম্পদ বিভাগে ৷ কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন । আনকি খহনীয়াগ্ৰস্ত ৰাইজৰ বুজ ল’বলৈ আহৰি নাই স্থানীয় বিধায়িকা নন্দিতা দাসৰ ৷
অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই খহনীয়াগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যাৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে অঞ্চলবাসী ৰাইজে ৷