মণিপুৰত শ্বহীদ হোৱা বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ অন্তিম সংস্কাৰ
অহা ৫ ডিচেম্বৰত মানুহজনা মৰমৰ পুত্ৰধনৰ ওপজা দিন ৷ পিতৃ দেশ মাতৃৰ সেৱাত ঘৰৰ পৰা বহু দূৰৰ মণিপুৰত নিয়োজিত ৷ পুত্ৰৰ জন্মদিনৰ আয়োজন কৰিবলৈ পত্নীক দায়িত্ব দি শীঘ্ৰেই ঘৰলৈ অহাৰ কথা আছিল সেনা জোৱান সুমন স্বৰ্গীয়াৰীৰ। কিন্তু মুহূৰ্ততে যেন শেষ হৈ গ’ল সেই সপোন। পুত্ৰ জন্মদিনৰ আগতেই ঘৰলৈ আহিল জোৱানজন নশ্বৰ দেহ হৈ ৷ মণিপুৰত উগ্ৰপন্থীৰ এম্বুছত নিহত সুমন স্বৰ্গীয়াৰীৰ ঘৰত এতিয়া মাথো কান্দোন আৰু কান্দোন। সোমবাৰে পিতৃক সেৱা কৰি আজি চিৰবিদায় জনালে সুমন স্বৰ্গীয়াৰীৰ কণমানি পুত্ৰই। বাস্কাৰ থেকেৰিকুচীত অন্তিম সংস্কাৰ হ’ল শ্বহীদ জোৱান সুমনৰ ৷ বিগত জুলাই মাহৰ ১০ তাৰিখে শেষবাৰৰ বাবে ঘৰলৈ ছুটিত আহি প্ৰায় ১৫ দিন পৰিয়ালৰ সৈতে থাকি পুনৰ কৰ্তব্যত যোগদান কৰিছিল তেওঁ। তিনি বছৰীয়া পুত্ৰৰ জন্মদিনত ডিচেম্বৰৰ ৫ তাৰিখে পুনৰ ছুটিত ঘৰলৈ অহাৰ কথা আছিল জোৱানজনৰ। পিছে এই সপোন যেন মুহূৰ্ততে থানবান হৈ গ’ল৷ আজি পঞ্চভূতত বিলীন হ’ল শ্বহীদ সুমন স্বগীয়াৰীৰ নশ্বৰ দেহ। আনহাতে স্বামীক শেষবাৰৰ বাবে উচুপি বিদায় জনালে পত্নীয়ে।