Daily Time Axom

লক্ষ্য- বিধানসভা নিৰ্বাচন : উত্তৰ প্ৰদেশত এক্সপ্ৰেছ হাইৱে’ উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

0 8

উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ কোৱাল খেৰীৰ বহুচৰ্চিত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে (পূৰ্বাঞ্চল এক্সপ্ৰেছৱে) মঙলবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দুপৰীয়া ১.৩০ বজাত পথটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ইউপিইআইডিএৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ অৱস্থীয়ে কয় যে কোভিড সংক্ৰমণ হোৱা স্বত্বেও পথটো অভিলেখ সময়ত সম্পূৰ্ণ হৈছিল।
২০২২ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে, উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ বাবে এই পথটো যোগী আদিত্যনাথ চৰকাৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । ৩৪১ কিলোমিটাৰ দীঘল পথটোৱে লক্ষ্ণৌ আৰু গাজীপুৰক সংযোগ কৰিছে। এই পথটো ভাৰতৰ আটাইতকৈ দীঘল এক্সপ্ৰেছৱে। ইয়াৰ আগতে ৩০২ কিলোমিটাৰ দীঘল লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেটো আছিল ভাৰতৰ সবাতোকৈ দীঘল এক্সপ্ৰেছহাইৱে ৷

প্ৰধানমন্ত্ৰীয়ে পথটো উদ্বোধন কৰিবলৈ চি-১৩০জে চুপাৰ হাৰকিউলিছ পৰিবহন বিমানত উপস্থিত হয় । ভাৰতীয় বায়ু সেনাই তেওঁৰ সন্মুখত হাৱাই অনুশীলন দেখুৱায় ৷ চুলতানপুৰ জিলাৰ এই এক্সপ্ৰেছৱেত নিৰ্মিত ৩.২ কিলোমিটাৰ দীঘল এয়াৰষ্ট্ৰিপত হয় । এয়াৰষ্ট্ৰিপটো নিৰ্মাণ কৰা হৈছে যাতে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানবোৰ জৰুৰী সময়ত ইয়াত অৱতৰণ কৰিব পাৰে। 
প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পটো জনসাধাৰণৰ বাবে উৎসৰ্গা কৰি কয় যে, যে “এইটো ৰাজ্যখনৰ উন্নয়নৰ এক্সপ্ৰেছৱে আৰু ই নতুন উত্তৰ প্ৰদেশৰ পথ দেখুৱাব।”
প্ৰকল্পটো ১৪ জুলাই, ২০১৮ তাৰিখে আজমগড়ত আৰম্ভ কৰা হৈছিল। এক্সপ্ৰেছৱেত ৬ টা লেন আছে আৰু পৰৱৰ্তী সময়ত ৮ লেনৰ সম্পদ আছে। এই এক্সপ্ৰেছৱে নিৰ্মাণৰ ব্যয় হৈছে ২২,৫০০ কোটি টকা। 

Leave A Reply

Your email address will not be published.