Daily Time Axom

গুৱাহাটীত অনুষ্ঠিত হ’ব বৃহৎ শৈক্ষিক সন্মিলন ৷ ৰাজ্যত আৰম্ভ হ’ল নতুন শিক্ষা ৷ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল ৷

0 7

প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত বুধবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল ৷ দেশৰ নতুন শিক্ষানীতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰনোজ পেগুৰ। গুণোৎসৱকলৈও বক্তব্য মন্ত্ৰীগৰাকীৰ । সংবাদমেলত উপস্থিত থাকে ৰাজ্য চৰকাৰ শৈক্ষিক উপদেষ্টা ননীগোপাল মহন্তও।

ৰাজ্য চৰকাৰৰ উদ্যোগত অহা ২০-২১ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব এক বৃহৎ শৈক্ষিক সন্মিলন। দেশৰ প্ৰায় ৪০০ৰো অধিক শিক্ষা জগতৰে জড়িত পণ্ডিত আৰু শিক্ষা কৰ্মী এই সন্মিলনত উপস্থিত থাকিব ৷ উপস্থিত থাকিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। উত্তৰ-পূবৰ শিক্ষামন্ত্ৰীসকলেও এই সন্মিলনত ভাগ ল’ব ৷ সংবাদ মেলত এই কথা ঘোষণা শিক্ষা উপদেষ্টা ননীগোপাল মহল্তৰ ।
আনহাতে দেশৰ নতুন শিক্ষানীতি ৰূপায়ন আৰম্ভ হৈছে অসমৰ শিক্ষাখণ্ডত ৷ সেই অনুসৰি এতিয়াৰ পৰা একাদশ-দ্বাদশ শ্ৰেণী নাথাকিব মহাবিদ্যালয়সমূহত। মাধ্যমিক শিক্ষাৰ লগত সংলগ্ন হ’ব একাদশ-দ্বাদশ শ্ৰেণী ৷

Leave A Reply

Your email address will not be published.