দেশৰ অন্যতম কদৰ্য ৰাজ্য অসম আৰু চহৰ গুৱাহাটী ৷ চাফা ৰাজ্য-চহৰৰ তালিকাত একেবাৰে তলৰফালে অসম-গুৱাহাটীৰ স্থান ৷
পৰিষ্কাৰ-পৰিছন্নতাৰ ক্ষেত্ৰত এতিয়াও সৰ্ব ভাৰতীয় তুলনাত এতিয়াও পিছ পৰি আছে অসম আৰু অসমীয়া ৷
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শেহতীয়াভাৱে ঘোষণা কৰিছে স্বচ্ছ সৰ্বেক্ষণ ২০২১ (Swachha Survekshan 2021) বঁটা । ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত এই মান তালিকাত অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ অৱস্থা শোচনীয় ।
ৰাজ্যিক পৰ্যায়ৰ তালিকাত অসমৰ প্ৰদৰ্শন একেবাৰে শোচনীয় । ৪১৭৫ নম্বৰৰ সৈতে চট্টিশগড় শীর্ষত থকাৰ বিপৰীতে অসমে ৯৫০ নম্বৰেৰে পৰিষ্কাৰ ৰাজ্যৰ ২১তম স্থানহে দখল কৰিছে অৰ্থাৎ অপৰিষ্কাৰ ৰাজ্য (Dirty State)। ২২৫ নম্বৰেৰে তালিকাৰ একেবাৰে তলত আছে মেঘালয় । অৰ্থাৎ অপৰিষ্কাৰ ৰাজ্যৰ একেবাৰে ৰেংকিঙতহে শীৰ্ষৰ কেইখনমান ৰাজ্যৰ ভিতৰত পৰিছে অসম আৰু মেঘালয় ৷
দেশৰ সৰ্বমুঠ ৪৩২০খন চহৰক সাঙুৰি লোৱা হৈছিল এই সমীক্ষাত । ইয়াৰ ভিতৰত গুৱাহাটীয়ে ১৬৫২.৫৩ নম্বৰৰে (Dirty City) ২৭০২নং স্থান লাভ কৰিছে । ডিব্রুগড়ৰ স্থান ২৬৮৯ সংখ্যক । ৩১১৮নং স্থানত যোৰহাট । শিলচৰৰ স্থান ৩৪৬৪ সংখ্যক ।
সচৰাচৰ পৰিষ্কাৰ বুলি আমি কৈ অহা শ্বিলঙৰ স্থান আৰু শোচনীয় । মেঘালয়ৰ ৰাজধানী চহৰখনৰ স্থান ৪০৮০সংখ্যক ।
এই তালিকাৰ আটাইতকৈ পৰিষ্কাৰ বা চাফা ৰাজ্য আৰু চহৰ কোনখন-
মধ্য প্ৰদেশৰ ইন্দোৰ দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰ৷ দ্বিতীয়খন পৰিষ্কাৰ চহৰ হৈছে গুজৰাটৰ চুৰাট । তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া । যোৱা ৫ বছৰ ধৰি লানি নিছিগাকৈ পৰিচ্ছন্নতাৰ দিশত প্ৰথম স্থান দখল কৰি আহিছে ইন্দোৰে ৷
চট্টিশগড়ে সবাতোকৈ পৰিষ্কাৰ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে ।
কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে পৰিচালনা কৰা জৰীপৰ ভিত্তিত দিয়ে হয় এই বঁটা । ২০১৬ চনৰ পৰা আৰম্ভ কৰা হৈছিল এই বঁটা প্ৰদান প্ৰক্ৰিয়া ।
অৱশ্যে জৰীপটোত উত্তৰ-পূৱৰ কাৰণে সুকীয়া এটা শিতান আছে । উত্তৰ পূৱৰ আন ৰাজ্যৰ তুলনাত অসমৰ প্ৰদৰ্শন কিছু উন্নত ।
উত্তৰ পূৱৰ ১ লক্ষৰ ওপৰৰ জনসংখ্যাৰ সবাতোকৈ পৰিষ্কাৰ চহৰ হৈছে তেজপুৰ । দ্বিতীয় স্থানত আছে মিজোৰামৰ লুংলেই । তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে বঙাইগাঁও, যোৰহাট আৰু তিনিচুকীয়া । ৫০হাজাৰৰ পৰা ১লক্ষ জনসংখ্যাৰ চহৰৰ শিতানত শীর্ষত আছে গোলাঘাট, দ্বিতীয় স্থানত মণিপুৰৰ কাকছিং । তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে হাইলাকান্দি, কোকৰাঝাৰ আৰু হাফলং ।
