Daily Time Axom

কৃষি আইন প্ৰত্যাহাৰ প্ৰসংগত মোডীৰ ঘোষণাত সুখী আমেৰিকান কংগ্ৰেছ

0 10

নৰেন্দ্ৰ মোডী চৰকাৰে বিতৰ্কিত কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰাৰ পিছত ব্ৰিটেইনৰ লেবাৰ পাৰ্টিৰ কেইজনমান সাংসদে এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকে আন্দোলনকাৰী কৃষকসকলকো অভিনন্দন জনাইছে। সিদ্ধান্তটোক আমেৰিকান কংগ্ৰেছৰ এণ্ডি লেভিনে আদৰণি জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰাৰ পিছতে লেভিনে কয়, “এবছৰতকৈও অধিক প্ৰতিবাদী আন্দোলনৰ পিছত ভাৰতৰ তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছে। মই এই বিষয়ে সুখী। তেওঁৰ আৰু কয়, “এই ঘটনাই প্ৰমাণ কৰে যে যেতিয়া কৰ্মচাৰীসকল একত্ৰিত হয়, তেওঁলোকে কৰ্পোৰেটৰ স্বাৰ্থক হৰুৱাব পাৰে। ভাৰত আৰু সমগ্ৰ বিশ্বই নিজকে প্ৰগতিৰ সৈতে সংযোগ কৰিব পাৰে। “

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে, “মোডী চৰকাৰ পিছুৱাই যোৱাৰ এয়া এক বিৰল লক্ষণ।” প্ৰতিবেদন অনুসৰি, হিন্দুত্ববাদ -আধাৰিত জাতীয়তাবাদ কঠোৰভাৱে প্ৰচাৰিত হোৱাত ইণ্টাৰনেট আৰু সংবাদ মাধ্যমত এই সমালোচনা স্থবিৰ কৰা হৈছিল। বাতৰি কাকতখনৰ মতে, মোডীৰ সিদ্ধান্তত এয়া স্পষ্ট যে তেওঁৰ শক্তি হ্ৰাস পাইছে।

Leave A Reply

Your email address will not be published.