Daily Time Axom

এজন আচৰিত মগনীয়াৰ কাহিনী ৷ অন্তিম যাত্ৰাত ৪০০০ লোকৰ অংশগ্ৰহণ ৷ ভিক্ষা লৈছিল মাত্ৰ ১টকা ৷

0 10

সহস্ৰজনৰ হৃদয় জয় কৰি গ’লগৈ মগনীয়াজন, যিয়ে লৈছিল কেৱল ১টকা ভিক্ষা।
যাৰ বাবে তেওঁ আছিল সকলোৰে প্ৰিয় আৰু পৰিচিত। অলপতে তেওঁ মৃত্যু হৈছে এক পথ দুৰ্ঘটনাত। জানি আচৰিত হ’ব ভিক্ষাৰীজনৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিল প্ৰায় ৪ হাজাৰ লোক। এই ঘটনা কৰ্ণাটকৰ বাল্লাৰি নামৰ ঠাইৰ।

জানিব পৰা মতে, বাচাপ্পা ওৰফে হুচ্চা বাশ্য হিচাপে ‘বিখ্যাত’ আছিল ভিক্ষাৰীজন। হুবিনা হাদাগালি বাছ ষ্টেণ্ডত বহুতৰ বাবে তেওঁ পৰিচিত মুখ আছিল।
তেওঁ অনাথ হিচাপে ডাঙৰ দীঘল হৈছিল। বাছ ষ্টেণ্ডৰ ওচৰত এটা সৰু শ্বেডতেই যোৱা চাৰি দশক ধৰি তেওঁৰ ঘৰ আছিল।

তেওঁৰ মানসিক সমস্যা আছিল আৰু তেওঁ নিজৰ জীৱন-যাপনৰ বাবে ভিক্ষা কৰিছিল। যেতিয়া দুদিন পূৰ্বে এক পথ দুৰ্ঘটনাৰ ফলত তেওঁৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত শ শ লোকে অংশগ্ৰহণ কৰিছিল।

তেওঁ বিখ্যাত হোৱাৰ প্ৰধান কাৰণ আছিল, তেওঁ মাত্ৰ ১ টকা দাবী কৰিছিল আৰু কাৰো পৰা তাতকৈ বেছি নগদ ধন লোৱা নাছিল।

কোনেও নাজানে যে তেওঁ ক’ৰ পৰা আহিছিল, কিন্তু স্থানীয় লোক সকলোৰে প্ৰকৃতাৰ্থত প্ৰিয় আছিল তেঁও ।

হুভিনা হাদাগালি অঞ্চলৰ বাসিন্দা শ্ৰীনিবাস ৰেড্ডীয়ে কয়, “সৰুৰে পৰা বাচাপ্পাক হুবিনা হাদাগালি চহৰত বহুতৰ পৰা ভিক্ষা কৰা দেখা গৈছে। তেওঁৰ বয়স ৪০-৪৫ বছৰ হ’ব। স্থানীয় লোকে তেওঁক বহুসময়ত খাদ্য যোগান ধৰি আহিছে। তেওঁ সকলোৰে বাবে এক পৰিচিত মুখ আছিল আৰু স্থানীয় লোকে তেওঁক পুনৰ্বাসিত কৰাৰ বাবে প্ৰশাসনৰ প্ৰচেষ্টা বন্ধ কৰি দিছিল।”

ৰেড্ডীয়ে লগতে কয়, “তেওঁক নেদেখি বহুলোকে ভয় খাইছিল আৰু সকলো ঠাইতে সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তেওঁ নিজেই তেওঁৰ শ্বেডত আছিল। স্থানীয় লোকে আৰক্ষী আৰু অন্যান্য বিভাগক তেওঁক বাছ ষ্টেণ্ডৰ পৰা আঁতৰাই নিয়াত বাধা দিছিল। বাচাপ্পাক সৰু অৱস্থাত চহৰত এৰি থৈ গৈছিল। এইটো তেওঁৰ মানসিক ৰোগৰ বাবেও হ’ব পাৰে। যেতিয়াই মানুহে তেওঁক টকা দিছিল, তেওঁ হাঁহিছিল আৰু তেওঁলোকক আশীৰ্বাদ কৰিছিল। তেওঁ কেতিয়াও কাকো অসুবিধাত পেলোৱা নাছিল আৰু মৃত্যুলৈকে চহৰখনৰ নিয়মীয়া সদস্য আছিল।”

উল্লেখ্য যে এসপ্তাহ পূৰ্বে বাচাপ্পাক এখন চলন্ত বাছে খুন্দা মাৰিছিল। যাৰ পিছত তেওঁক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁক ভৰ্তি কৰাৰ তিনিদিন পিছত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ খবৰ চহৰখনত বিয়পি পৰিছিল আৰু বৃহৎ সংখ্যক লোক চিকিৎসালয়ত একত্ৰিত হৈছিল।

কেইবাটাও সংগঠন, দোকানী আৰু ব্যক্তি আগবাঢ়ি আহি তেওঁৰ বাবে ধন সংগ্ৰহ কৰিছিল আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এক শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছিল। বাচাপ্পাৰ অন্তিম সংস্কাৰত প্ৰায় ৩,০০০ৰ আৰা ৪,০০০ স্থানীয় লোক উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.