ভাষা বিতৰ্কৰ মাজতে ড° হীৰেণ গোঁহাইৰে তুলনা কৰিলে প্ৰদীপ দত্ত ৰয়ক ৷ বিতৰ্কিত শিলাদিত্য দেৱৰ ‘মাইলেজ’ লোৱাৰ চেষ্টা ৷
বৰাক উপত্যকাৰ বঙালী ভাষিক কট্টৰপন্থী ব্যক্তি প্ৰদীপ দত্ত ৰয়ৰ আচৰণত এতিয়া অস্বস্তিত পৰিছে অসমৰ বঙালী সমাজো ৷ এই বিতৰ্কৰ মাজত এইবাৰ ভুমুকি মাৰিছে প্ৰাক্তন বিধায়ক বিতৰ্কিত মন্তব্য কৰি ভালপোৱা শিলাদিত্য দেৱ ৷ শনিবাৰে এক সংবাদমেল যোগে প্ৰদীপ দত্ত ৰয়ক সমালোচনা কৰে শিলাদিত্য দেৱে।
পিছে সমালোচনা কৰিবলৈ গৈ হাঁহ এৰি শিয়াল খেদি ড° হীৰেণ গোঁহাইকহে আক্ৰমণৰ লক্ষ্য কৰি ল’লে শিলাদিত্য দেৱে ৷ বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেণ গোঁহাইক বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ সৈতে ৰিজালে প্ৰাক্তন হিন্দুত্ববাদী বি জে পি নেতাজনে ৷ “লাল ঝাণ্ডাৰ নেতাই এনেধৰণৰ কথা কয়েই । প্ৰদীপ দত্ত ৰয়ৰ পাছত ইছলামিক মৌলবাদী গ্ৰুপ আছে আৰু বৰাক ভেলীক অসমৰ পৰা আতৰাই নিলে ইছলামিক ষ্টেট কৰাৰ এজেণ্ডা সম্পুৰ্ণ হ’ব” বুলি মন্তব্য শিলাদিত্যৰ ৷
আনহাতে, এই ঘটনাৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱকো সাঙুৰিলে শিলাদিত্যই ৷ কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছত যোগদান কৰা সুস্মিতা দেৱৰ ৰাজনৈতিক ভবিষ্যত মসৃণ কৰাৰ অভিপ্ৰায়ো প্ৰদীপ দত্ত ৰয়ৰ এজেণ্ডাত থাকিব পাৰে বুলিও শিলাদিত্য দেৱে সন্দেহ প্ৰকাশ কৰে ৷