Daily Time Axom

কলাক্ষেত্ৰত সদৌ অসম কোছ-ৰাজবংশী ছাত্ৰ সন্থাৰ শপতগ্ৰহণ কাৰ্যসূচী

0 7

সোমবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আক্ৰাছুৰ প্ৰাক্তন সভাপতি কৰ্মেশ্বৰ ৰায়ৰ সভাপতিত্বত সংগঠনটোৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে আক্ৰাছুৰ প্ৰাক্তন সম্পাদক জীৱেশ ৰায়ে।আক্ৰাছুৰ নৱগঠিত সমিতিখনৰ সভাপতি বলোৰাম বৰ্মন, কাৰ্যকৰী সভাপতি দেৱজিত ৰায় আৰু সম্পাদক সোণাধৰ ৰায়কলৈ এখন ৪১জনীয়া সমিতিৰ শপত বাক্য পাঠ কৰায় সংগঠনটোৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে।

উক্ত অনুষ্ঠানতে কোছ-ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতীকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰউদ্ধাৰ দাবীত অহা ২২ডিচেম্বৰ ২০২১ত গুৱাহাটী লাষ্টগেটত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ৭জানুৱাৰী২২ ত হ’বলগীয়া আক্ৰাছুৰ শ্বহীদ দিৱসত এলানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সংগঠনটোৰ সভাপতি বলোৰাম বৰ্মনে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.