Daily Time Axom

যোৰহাটত পাশৱিক কাণ্ড ৷ গণপ্ৰহাৰৰত মৃত্যু এগৰাকী ছাত্ৰ নেতাৰ

0 9

যোৰহাটত অৰ্ধশতাধিক লোকৰ আক্ৰমণত মৃত্যু হৈছে এগৰাকী ছাত্ৰ নেতাৰ। যোৰহাট নগৰৰ মাজ মজিয়াৰ অৰ্থাৎ চহৰখনৰ নিৰ্মল চাৰিআলিৰ সমীপৰ এই মাৰপিটৰ ঘটনা সংঘটিত হয়। এক সামান্য কথাৰ ভুল বুজাবুজিৰ বাবে অৰ্ধশতাধিক লোকে যুৱককেইজনক গণ আক্ৰমণ চলাই।
ফলত গুৰুতৰভাৱে আহত হয় তিনিও যুৱক। এগৰাকী যুৱকৰ হাস্পতালত মৃত্যু ঘটে।

মৃত্য যুৱকগৰাকী গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থা শিক্ষা সম্পাদক অনিমেশ ভূঞা বুলি জানিব পৰা গৈছে । আন এগৰাকী যুৱক মৃদুস্মন্ত বৰুৱা, লগতে সাংবাদিক হিচাপেও কৰ্মৰত। আনগৰাকীৰ পৰিচয় পোৱা নাই। আঘাত প্ৰাপ্ত যুৱক কেইজনক সংকট জনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাই যদিও অনিমেশ ভূঞাক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কোনো কামৰ বাবে তিনিও যুৱক যোৰহাট চহৰলৈ গৈছিল। তেনে সময়তে তেওঁলোকৰ সমুখত কোনো এক দুৰ্ঘটনাত পৰি যোৱা এগৰাকী লোকক সহায় কৰি উঠাই দিবলৈ যাওঁতেই সেই ঠাইত উপস্থিত থকা লোকে ভুল বুজি যুৱক কেইজনেই দুৰ্ঘটনা কৰা বুলি গণ আক্ৰমণ চলাই বুলি অভিযোগ এগৰাকী ছাত্ৰ নেতাৰ।

বৰ্তমানে যোৰহাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। গণ আক্ৰমণত জড়িত থকা বহু লোকৰ নামো ইতিমধ্যে সংগ্ৰহ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.