Daily Time Axom

তালিবানৰহফেশ্বন ! পৰিষ্কাৰ দাড়ি, জিন্স আৰু চানগ্লাছ পিন্ধি কাবুল চহৰ হাতলৈ আনিছিল তালিবানী চোৰাংচোৱাই

0 9

ধৰ্মান্ধ তালিবানৰ ফেশ্বন ! শুনিলে আচৰিতেই লাগে ৷ কিন্তু কথাটো সঁচা ৷ কাবুল চহৰ দখললৈ আনিবলৈ তালিবানে সহায় লৈছিল ফেশ্বনৰ ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৈনিক ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি ১৫ আগষ্টত কাবুলৰ পতনত তালিবানৰ চোৰাংচোৱা শাখাৰ সদস্যসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
কাকতখনৰ মতে, তালিবানৰ অনুগামীসকলেই কাবুলৰ পতন ত্বৰান্বিত কৰিবলৈ আফগানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ নেতৃত্বত চৰকাৰত অনুপ্ৰৱেশ কৰিছিল। প্ৰতিবেদন অনুসৰি – পৰিষ্কাৰ দাড়ি, জিন্স আৰু ছানগ্লাছ পিন্ধা তালিবান চোৰাংচোৱাই বিভিন্ন আফগান চৰকাৰী মন্ত্ৰালয়, বিশ্ববিদ্যালয়, ব্যৱসায় আৰু সহায়ক সংগঠনত প্ৰৱেশ কৰিছিল। তেওঁলোকেই তালিবানক পুনৰ ক্ষমতালৈ আনিছে, যিয়ে ২০ বছৰ ধৰি সশস্ত্ৰ হৈ যুঁজ দি আমেৰিকা সমৰ্থিত চৰকাৰক উৎখাত কৰিছে।
ৱাল ষ্ট্ৰীট জাৰ্নেলে তালিবান গেৰিলা কমাণ্ডাৰ মহম্মদ চেলিম চাদৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদনখন প্ৰস্তুত কৰিছিল। চেলিম চাদে বৰ্তমান কাবুল বিমানবন্দৰৰ নিৰাপত্তা কমাণ্ড চেণ্টাৰৰ মূৰব্বী হিচাপে কাম কৰি আছে। সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে কেনেকৈ গেৰিলা গোটে ঘানি চৰকাৰ আৰু ইয়াৰ পশ্চিমীয়া পৃষ্ঠপোষকসকলক এক কেনে পৰিস্থিতিত পেলাই কাবুলৰ নিয়ন্ত্ৰণ লৈছিল।
চেলিম চাদে কয়, ‘প্ৰতিটো কোম্পানী আৰু বিভাগত আমাৰ অনুগামী আছিল। কাবুলত পূৰ্ব-নিয়োজিত এই গোটটোৱে কৌশলগত স্থানসমূহৰ নিয়ন্ত্ৰণ লৈছিল। তেওঁ আৰু কয়, ‘মই যিটো অফিচত আছিলো,তাত আমাৰ মানুহো আছিল। ‘

Leave A Reply

Your email address will not be published.