Daily Time Axom

গুজৰাটত খাব নোৱাৰিব মাছ-মাংস ৷ আমিষ খাদ্যৰ ওপৰত আংশিক নিষেধাজ্ঞা ৷

0 9

এতিয়াৰ পৰা আৰু আমিষ খাদ্য ৰাস্তাৰ কাষতবা ইচ্ছা গ’লেই য’তে ত’তে বিক্ৰী কৰিব নোৱাৰিব গুজৰাটত। ৰাজ্য প্ৰশাসনে বিজেপি শাসিত গুজৰাটৰ কেইবাখনো চহৰত এনে নিয়ম প্ৰৱৰ্তন কৰিছে। নতুন নিৰ্দেশ অনুসৰি, মেইন ৰোডৰ দুয়োফালে আৰু বিদ্যালয় আৰু মহাবিদ্যালয়, ধৰ্মীয় স্থানৰ (নন-ভেজ নিষিদ্ধ) ১০০ মিটাৰ ভিতৰত কোনো আমিষ খাদ্য বিক্ৰী কৰিব নোৱাৰি। আহমেদাবাদ, বদোদৰা, ৰাজকোট, দ্বাৰকাকে ধৰি ৰাজ্যখনৰ বেছিভাগ চহৰে বুধবাৰৰ পৰা নিয়ম জাৰী কৰিব। কিন্তু এনে সিদ্ধান্ত কিয়?
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ মতে আমিষ খাদ্যৰ ওপৰত নিষেধাজ্ঞাৰ ৰাজহুৱা খাদ্যাভ্যাসৰ সৈতে কোনো সম্পৰ্ক নাই। ৰাজ্যখনৰ মানুহে যি বিচাৰে খাব পাৰে। আমিষভোজী নৰখাৰ কোনো প্ৰশ্নই নাই। কিন্তু চৰকাৰে নিম্নমানৰ খাদ্য আমিষ খাদ্যৰ নামত ৰাস্তাৰ কাষত পৰিৱেশন কৰা প্ৰতিহত কৰিবলৈ এই সিদ্ধান্ত লৈছে। মন কৰিবলগীয়া যে গুজকাট দেশৰ প্ৰধান নিৰামিষহাৰী জনবহুল ৰাজ্য ৷

Leave A Reply

Your email address will not be published.