Daily Time Axom

কিমান ঘটিব আৰু এনে গণপ্ৰহাৰত মৃত্যুৰ ঘটনা ? কিয় বাৰে বাৰে জে’লৰপৰা ওলাই আহিব পাৰে হত্যাকাৰী ক’লা ল’ৰা ?

0 11

আধুনিকতাৰ শিখৰত আৰোহণ কৰিও নীচ মানসিকতাৰ একাংশ লোকে যেন বসবাসৰ অনুপযুক্ত কৰি পেলাইছে আমাৰ সমাজখন ৷ পশুতুল্য আচৰণেৰে ভয়ংকৰ কৰি তুলিছে পৰিৱেশ ৷

এনে এচাম লোকৰ বাবেই ২০২১ চনৰ শেষটোওঅসমৰ বাবে হৈ পৰিল বেদনাময় ৷ ২০১৮ত কাৰ্বি আংলঙত অতি নিৰ্জু অভি-নীলক নিৰ্মম ভাৱে হত্যাৰেোকলংক সানিছিল একাংশলোকে ৷ সেই হত্যাকাণ্ডৰ দোষীয়ে শাস্তি পোৱাৰ পূৰ্বেই এইবাৰ নিমিষতে হেৰাই গ’ল অনিমেষ নামৰ সপোনৰ গঁজালি লৈ ফুৰা অনিমেষ নামৰ যুৱকজন ৷ এজন মদাহীলোকক সহায় কৰিবলৈ গৈয়ে হেৰুৱাবহলগা হ’ল নিজৰ প্ৰাণ । যাৰ বাবে সহায় কৰিবলৈ যোৱাৰ পিছতো দোষী সজাই পুত্ৰৰ হতুৱাই নিৰ্মভাৱে হত্যা কৰি
পেলালে অনিমেশষক।

*কোন এই হত্যাকাৰী ক’লা ল’ৰা ?

যোৰহাটৰ নিৰ্মল চাৰিআলিত সুৰাসক্ত অৱস্থাত পৰি যোৱা মোহন দাসক সহায় কৰিবলৈ গৈছিল সেইমুহূৰ্তত সেইফালেৰে যোৱা অনিমেষ, মৃদষ্মন্তহঁত ৷ সেই মোহন দাসৰেই পুত্ৰ নীৰজ দাসৰ নেতৃত্বত সংঘটিত হৈছিল যোৰহাট তথা ৰাজ্য কঁপাই যোৱা এই পাশৱিক হত্যা ।

পুত্ৰ নিৰজ দাস ওৰফে ক’লা গুণ্ডা ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত। অনিমেশক টানি টানি চোঁচৰাই নিয়া ‘ক’লা লৰা’ নামে কুখ্যাত নীৰজ দাস। যাৰ নেতৃত্বতেই সংঘটিত হৈছিল যোৰহাটৰ সেই বৰ্ব্বৰ কাণ্ড। যি পূৰ্বেও একাধিকবাৰ জেললৈ গৈছিল বিভিন্ন কাৰণত।

সেই নীৰজৰেই জ্যেষ্ঠ ভাতৃ তথা মোহন দাসৰ জ্যেষ্ঠ পুত্ৰ মাছৰ ব্যৱসায়ী। যিয়ে বাৰে বাৰে জেললৈ যোৱা অপৰাধী ভাতৃ যোৰহাটৰ জনাজাত ক’লা গুণ্ডাক জেলৰ পৰা ৰেহাই কৰি আনে। যাৰ পৰিণতিত যেন দিনে দিনে আৰু অধিক অত্যাচাৰী হৈ উঠিছিল ক’লা গুণ্ডা।

আনাহতে আজি পুৱাই অনিমেশৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰনোজ পেগু। তেখেতে এই হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলিব বুলি অনিমেশৰ পৰিয়ালক আশ্বাস প্ৰদান কৰে।
আনহাতে এমাহৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Leave A Reply

Your email address will not be published.