Daily Time Axom

শিখসকলক কিয় ক্ষমা বিচাৰিলে পাকিস্তানৰ মডেলে

0 8

কৰ্টাৰপুৰ কৰিডৰত থকা শিখ সকলৰ পবিত্ৰ স্থান গুৰুদ্বাৰাত ফটো তোলাৰ বাবে এগৰাকী পাকিস্তানী মডেল ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে। মডেলগৰাকীৰ নাম সুলেহা লালা। তেওঁ অলপতে গুৰুদ্বাৰা ভ্ৰমণ কৰি মূৰত কাপোৰ পৰিধান নকৰাকৈ ফটো তুলিছিল। আৰু সেই ছবিখন সামাজিক মাধ্যমত পোষ্ট কৰিছিল। তাৰ পিছতে সমালোচনা আৰম্ভ হয়।
ছবিখনত সুলেহাক গুৰুদ্বাৰালৈ পিঠি দি এখন ছবিৰ বাবে পোজ দিয়া দেখা গৈছে। তেওঁৰ মূৰত কাপোৰ নথকা বাবেই ছচিয়েল মিডিয়াত ছবিখন পোষ্ট কৰাৰ পিছত সুলেহাই ব্যাপক প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে, বিশেষকৈ শিখ সম্প্ৰদায়ৰ পৰা। তেওঁলোকে অভিযোগ কৰিছে যে সুলেহাই ইয়াৰ জৰিয়তে শিখসকলক অপমান কৰিছে।

শিখসকলে কয় যে সুলেহা লালাই মূৰ ঢাকি নোলোৱাকৈ গুৰুদ্বাৰাৰ পৱিত্ৰতা নষ্ট কৰিছে। তেওঁ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে। ভাৰতীয় শিখ সাংবাদিক ৰবীন্দ্ৰ সিঙে টুইট কৰি তেওঁৰ সমালোচনা কৰিছে। তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক টুইটাৰ একাউণ্টটো টেগ কৰিছে।
দিল্লী শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিৰ সভাপতি মঞ্জিদাৰ সিং চিৰছাই ঘটনাটোক গৰিহণা দিছিল। তেওঁ কয়, “কৰতাৰপুৰ চাহিবত এনে কৰাটো অশুদ্ধ।
পাকিস্তানৰ এখন আদালতে এজন তাৰকাৰ বিৰুদ্ধে মছজিদত নৃত্য কৰাৰ বাবে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছিল। এই মহিলাগৰাকীৰ বিৰুদ্ধেও একেই ব্যৱস্থা ল’ব লাগিব। ‘
ইণ্ডিয়া টুডেৰ এজন সম্পাদকেও শিখসকলৰ সমালোচনাত যোগদান কৰিছে। তেওঁ প্ৰশ্ন কৰিছে, ‘কৰতাৰপুৰ চাহিব গুৰুদ্বাৰ পাকিস্তানৰ বাবে পুতলা নেকি?’
সুলেহা লালাৰ মূৰ ঢাকি নোলোৱাকৈ গুৰুদ্বাৰাৰ ভিতৰৰ বিভিন্ন ঠাইত ফটোশ্বুটৰ দ্বাৰা শিখ সম্প্ৰদায় ক্ষুব্ধ হৈছিল। অৱশ্যে বিতৰ্ক আৰম্ভ হোৱাৰ পিছত সুলেহা লালাই অবাঞ্ছিত কাৰ্য্যৰ বাবে শিখ সম্প্ৰদায়ৰ ওচৰত ক্ষমা বিচাৰিছে।

সুলেহাই এটা পোষ্টত লিখিছে, “এইটো অনিচ্ছাকৃতভাৱে ঘটিছিল। মই পোষ্ট কৰা ছবিবোৰ ফটোশ্বুটৰ অংশ নহয়। মই শিখসকলক জানিবলৈ কৰতাৰপুৰৰ গুৰুদ্বাৰালৈ গৈছিলো। যদি কোনোবাই অনিচ্ছাকৃত ভুলৰ দ্বাৰা আঘাত পাইছে তেন্তে ক্ষমা বিচাৰিছো। মই শিখ সম্প্ৰদায়ক বহুত সন্মান কৰোঁ।”

Leave A Reply

Your email address will not be published.