শ্বাহৰুখৰ ওপৰত খং উঠি কিয় নিজৰ পকেট ফালিছিল ছানী দেওলে?
তেতিয়া শ্বাহৰুখ কিং খান হৈ উঠা নাই ৷ আজিৰ পৰা প্ৰায় ৩০ বছৰৰ আগতে এদিন শ্বাহৰুখৰ ওপৰত খং উঠি ছানী দেওলে ফালি পেলাইছিল নিজৰ পকেট ৷
১৯৯৩ চনৰ কথা ৷ পিছত ছুপাৰ দুপাৰ হিট হোৱা ছবি ‘ডৰ’ৰ শ্বুটিঙত ছানী দেওল, শ্বাহৰুখ খান আৰু জুহি চাওলাই একেলগে কাম কৰিছিল। চলচ্চিত্ৰখনৰ পৰিচালক যশ চোপ্ৰাই ছানী দেওলকো তেওঁৰ চৰিত্ৰ বাছনি কৰিবলৈ অনুমতি দিছিল। ছানী দেওলে ছবিখনত ‘ৰাহুল মেহৰা’ আৰু ‘সুনীল মালহোত্ৰা’ৰ দুটা চৰিত্ৰৰ ভিতৰত সুনীলৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছিল। কিন্তু দৃশ্যগ্ৰহণ আগবাঢ়ি যোৱাৰ লগে লগে ছানিয়ে উপলব্ধি কৰিছিল যে যদিও তেওঁ নায়ক আছিল, ছবিখনৰ প্ৰকৃততে নায়ক হৈছে শ্বাহৰুখ খান অভিনীত ‘ৰাহুল’ চৰিত্ৰটোহে !
এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ছানী দেওলে কয়, “যশ চোপ্ৰা আৰু শ্বাহৰুখ খানে মোৰ পৰা সম্পূৰ্ণৰূপে লুকুৱাই ৰাখিছিল যে ডৰত খলনায়কৰ চৰিত্ৰটোৱেই মুখ্য আছিল। সেই সময়ত সকলোৱে সকলো জানিছিল কিন্তু মই একমাত্ৰ আন্ধাৰত আছিলো!” ছানিয়ে লগতে কয়, “এদিন শ্বাহৰুখ আৰু মই একেটা ছেটতে বহি আমাৰ চৰিত্ৰটো ভালদৰে শুনি আছিলো। তেতিয়াই মই অধৈৰ্য্য হৈ পৰিছিলো আৰু মোৰ জিন্সৰ পকেটত হাত ৰাখি মোৰ পকেট ছিঙি পেলাইছিলো।”
সাক্ষাৎকাৰটোত ছানিয়ে ঘটনাটোৰ ওপৰত যথেষ্ট খং প্ৰকাশ কৰিছিল। তেওঁ দৃঢ়তাৰে কৈছিল যে প্ৰথমতে কোনেও শ্বাহৰুখ খানক কোৱা নাছিল যে তেওঁৰ চৰিত্ৰটোৱে গোটেই ছবিখনত তেওঁৰ চৰিত্ৰটোক প্ৰভাৱ পেলাব । ফলস্বৰূপে, ছানিয়ে ঘটনাটোৰ পিছতে যশ চোপ্ৰা আৰু শ্বাহৰুখ খানৰ সৈতে কাম কৰা বন্ধ কৰে।
‘ডৰ’ৰ ঘটনাৰ পিছৰে পৰা, তেওঁ শ্বাহৰুখ খানৰ সৈতে যোগাযোগ কৰা নাই। দেউল পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰই প্ৰায় ১৬ বছৰ ধৰি কিং খানৰ স’তে সম্পৰ্ক ৰখা নাছিল । এই ঘটনাৰ পৰা এইটো স্পষ্ট যে ছানী দেওল ৰূপালী পৰ্দাৰ দৰে বাস্তৱ জীৱনতো সমানেই খঙাল । অৱশ্যে, ছানিৰ অনুৰাগীসকলে ঘটনাটোৰ বাবে শ্বাহৰুখ খানকে দোষাৰোপ কৰে ৷