দেশত ওমিক্ৰণৰ চতুৰ্থটো সংক্ৰমণৰ ঘটনা
গুজৰাট, কৰ্ণাটকৰ পিছত দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ অহা লোকৰ দেহত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ।
৩৩ বছৰীয়া উক্ত লোকজন মহাৰাষ্ট্ৰৰে বাসিন্দা। লোকজনৰ শৰীৰত কোৰোণা পজিটিভ পোৱাৰ পিছত এতিয়া ওমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি নিশ্চিত কৰা হৈছে ৷ সম্প্ৰতি তেওঁক কোভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে।
জানিব পৰা মতে, লোকজনে কোভিড ভেকচিন লোৱা নাছিল।