২০২১-২২ বৰ্ষৰ বাবে সাহিত্যিক পেঞ্চন বঁটা ঘোষণা
অসম চৰকাৰে দেওবাৰে ২০২১-২২ বৰ্ষৰ বাবে সাহিত্যিক পেঞ্চন বঁটা ঘোষণা কৰিছে । এইবাৰ ৰাজ্যখনৰ ২৩ গৰাকী বিশিষ্ট ব্যক্তিক এই সন্মানৰ বাবে বাছনি কৰা হৈছে।
প্ৰয়াত লেখক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মদিন উপলক্ষে ৭ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২৩ গৰাকী ব্যক্তিত্বক সন্মানিত কৰা হ’ব। ধেমাজিত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে এই ঘোষণা কৰে।
এই সন্মান লাভ কৰা ২৩ গৰাকী ব্যক্তি হৈছে – জ্যোতিলাল চৌধুৰী, ড০ অনিল শইকীয়া , কালিনাথ পাংগিং, দিলীপ কুমাৰ শৰ্মা, মাখনলাল বাঢ়ৈ, মানিকলাল মাহাতো, বিনোদ ভাগৱতী, উৎপল দত্ত, নীলমোহন ৰয়, নবীন কুমাৰ বৰুৱা, ৰাজেন্দ্ৰনাথ শৰ্মা, দীপংকৰ ৰঞ্জন কৰ, তুষাৰ ক্ৰান্তি চাহা, তপন দাস, লক্ষ্যহীৰা দাস, বিশ্বেশ্বৰ বসুমতাৰী, অৰবিন্দ উজিৰ, মণ্ডল সিং বে, বাণেশ্বৰ বসুমতাৰী, ড০ মঙ্গলসিং হাজাৱাৰী, ৰঞ্জু হাজৰিকা ওৰফে কুমুদ চন্দ্ৰ হাজৰিকা, নাবিৱ মল্ল বড়ো আৰু লক্ষ্মীকান্ত দাস।