Daily Time Axom

উত্তৰ-পূৱলৈ কিমান জোৰেৰে আহি আছে সাগৰীয় ঘুৰ্ণীবতাহ জাৱাদ? বৃষ্টিয়ে ধোৱাব নেকি উত্তৰ-পূৱ?

0 7

ঘূৰ্ণীবতাহ জাৱাদে উত্তৰ-পূব ফালে আগবাঢ়ি আছে নিজস্ব গতিত । জাৱাদৰ প্ৰভাৱ বংগোপকূলত স্পষ্টকৈ দেখা যাব বুলি জানিব পৰা গৈছে । তাৰ পিছত ই লাহে লাহে বাংলাদেশৰ ফালে আগবাঢ়িব।

পশ্চিম বংগত এতিয়াও বৰষুণৰ সম্ভাৱনা আছে। বাংলাদেশৰ তিনিখন জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। তদুপৰি আন চাৰিখনমান জিলাতো মধ্যমীয়া বৰষুণৰ আগজাননী দিয়া হৈছে। মাছমৰীয়াসকলক সোমবাৰে ৰাতিপুৱাৰ পৰা সাগৰলৈ নাযাবলৈ কোৱা হৈছে। 

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা, নাদিয়া আৰু মচিদাবাদৰ দৰে বাংলাদেশৰ জিলাসমূহতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কলকাতা, হাওৰা, হুগলী আৰু পূৱ বৰ্ধমানতো মধ্যমীয়া বৰষুণ হ’ব। যদিও দক্ষিণ বংগৰ জিলাসমূহত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে।

সোমবাৰে কলকাতাৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ২০.৬ ডিগ্ৰী। দেওবাৰে আবেলি সৰ্বাধিক তাপমাত্ৰা আছিল ২১.৬ ডিগ্ৰী। বায়ুত সৰ্বাধিক জলীয় বাষ্পৰ পৰিমাণ হৈছে ৯৮ শতাংশ।

Leave A Reply

Your email address will not be published.