Daily Time Axom

৭৭ বছৰীয়া বৃদ্ধৰ প্ৰেমত ২০ বছৰীয়া ছোৱালী, সোনকালে ব্ৰিটেইনত গৈ বিয়াও কৰাব!

0 7

প্ৰেমে বয়সৰ কথা বুজি নাপায়। গতিকে যিকোনো ব্যক্তিয়ে জীৱনৰ যিকোনো সময়তে অনায়াসে প্ৰেমত পৰিব পাৰে।
একেদৰে, এটা ঘটনা তথা কাহিনী পুনৰ শিৰোনামলৈ আহিছে। ২০ বছৰীয়া এগৰাকী যুৱতীয়ে ৭৭ বছৰীয়া এজন বৃদ্ধক ভাল পায়। যুৱতীগৰাকী প্ৰেমত ইমানেই হাবুডুবু যে তাই বৃদ্ধৰ বাহিৰে আন কাকো বিয়া কৰাৰ কথা ভাবিব নোৱাৰে এতিয়া!

প্ৰেম কাহিনীটো হৈছে ৭৭ বছৰীয়া পেঞ্চনাৰ ডেভিদ আৰু এখন মহাবিদ্যালয়ৰ ছাত্ৰী জোইৰ । দুয়োজনৰ প্ৰেমে হিন্দী চলচ্চিত্ৰৰ চিত্ৰনাট্যকো চেৰ পেলোৱা যেন লাগিছে। যোৱা ১৮ মাহে তেওঁলোকৰ প্ৰেম চলি আছে। এইবাৰ তেওঁলোক দুয়োজনে সেই প্ৰেমক পৰিৱৰ্তন কৰিব বিচাৰে।

শুনি আচৰিত হ’ব যে দম্পতীহালে এতিয়ালৈকে সন্মুখৰ পৰা ইজনে সিজনক দেখাৰো সুযোগ পোৱা নাই। কাৰণ গীতিকাৰ ডেভিড ইংলেণ্ডত বাস কৰে। আৰু জোৱে পঢ়াৰ বাবে তেওঁৰ প্ৰেমিকৰ পৰা ৫,০০০ মাইল দূৰত ম্যানমাৰ নিজৰ ঘৰত থাকিব লগা হৈছে। তাতে ম্যানমাৰৰ পৰিৱেশ বিভিন্ন সময়ত গৰম হৈ আছে। গতিকে ডেভিদে জোইক লগ কৰিবলৈ সেই দেশলৈ যাবও নোৱাৰে, যদিও তেওঁ বিচাৰে। কিন্তু শাৰীৰিক দূৰত্বই আছে যদিও ভিডিঅ’ কলেৰে ইজনে সিজনৰ মাজৰ অন্তৰংগতা বৃদ্ধি কৰিছে।

প্ৰশ্ন হয়, দুয়োৰে প্ৰেমৰ সম্পৰ্ক কেনেকৈ হ’ল? দৰাচলতে, তেওঁলোকে ডেৰ বছৰ আগতে এটা অনলাইন ডেটিং ছাইটত লগ পাইছিল। জোয়ে মূলতঃ অধ্যয়নৰ বাবে বিত্তীয় সহায়ৰ সন্ধানত কৰিছিল। তাতেই ডেভিদৰ পৰিচয় হৈছিল। পিছত ডেভিডে কয়, “মই কল্পনাও কৰিব পৰা নাছিলো যে ২০ বছৰীয়া জোই মোৰ প্ৰেমত পৰিব।” ডেভিদৰ সৈতে কথা পাতি হেনো ভাল লাগিছে জোৰ।

ডেভিদে জোইক নিজৰ কৰি পাবলৈ দিন গণি আছে। যুৱতীগৰাকীয়ে কৈছে যে তেওঁ ম্যানমাৰৰ পৰা ব্ৰিটেইনলৈ যাত্ৰা কৰিবলৈ ভিছাৰ বাবে আবেদন কৰিছে। যদি পাছপোৰ্ট আৰু ভিছা পায় প্ৰেমিকৰ ওচৰলৈ যাব। আৰু তেতিয়াই চাৰিখন হাত এটা হ’ব। তেওঁলোকে পৰিয়াল আৰু সমাজৰ তাচ্ছিল্যক উপেক্ষা কৰিব বিচাৰে আৰু এটা নতুন জীৱন আৰম্ভ কৰিব বিচাৰে।

Leave A Reply

Your email address will not be published.