Daily Time Axom

ওজন কমিব ইন্ধন গেছ চিলিণ্ডাৰৰ

0 18

এলপিজি গ্ৰাহকসকলৰ বাবে ভাল খবৰ, কেন্দ্ৰীয় চৰকাৰে এলপিজি ৰন্ধন গেছ চিলিণ্ডাৰৰ ওজন হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান প্ৰতি চিলিণ্ডাৰত ১৪.২ কিলোগ্ৰাম গেছ থাকিব । বিশেষকৈ মহিলাসকলে এই চিলিণ্ডাৰটো উঠোৱা বা এটা কোঠাৰ পৰা আন এটা কোঠালৈ লৈ যোৱাত সমস্যাৰ সন্মুখীন হয়। মুখ্যতঃ এইকথা মনত ৰাখি, চৰকাৰে বিকল্প বিবেচনা কৰি আছে।

ৰাজ্যসভাৰ এজন সদস্যই গেছ চিলিণ্ডাৰ গধুৰ হোৱাৰ বাবে মহিলাসকলে সন্মুখীন হোৱা দৈনন্দিন সমস্যাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিঙে চিলিণ্ডাৰৰ ওজনৰ বিষয়ে কথাটো অৱগত কৰে।

Leave A Reply

Your email address will not be published.