২৯জনক ফাঁচী দিব একেলগে, ক’ত, কেতিয়া, কিয়…?
দুটা হত্যাৰ গোচৰত মুঠ ২৯ জন লোকক মৃত্যুদণ্ড দিয়া হৈছে! অৰ্থাৎ, আঠ বছৰ পূৰ্বে বাংলাদেশৰ ৰাজশাহীত এজন ছাত্ৰ লীগ নেতাৰ হত্যাৰ গোচৰত ন-জন লোকক মৃত্যুদণ্ড দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে বাংলাদেশৰ ফাষ্ট ট্ৰেক আদালতে দুবছৰ পূৰ্বে ঢাকাৰ নেচনেল ইউনিভাৰ্চিটি অৱ ইঞ্জিনিয়াৰিঙৰ এজন ছাত্ৰক প্ৰহাৰ কৰাৰ বাবে মৃত্যুদণ্ডৰ নিৰ্দেশ দিছে । এই দুটা গোচৰত
২৯ জন লোকৰ মৃত্যুদণ্ডৰ উপৰিও, এটা গোচৰত ২০ জন লোকক আজীৱন কাৰাদণ্ড দিয়া হৈছে৷ মৃত্যুদণ্ড আৰু আজীৱন কাৰাদণ্ডৰ উপৰিও দোষী সাব্যস্ত কৰি বৃহৎ পৰিমাণৰ জৰিমনা বিহা হয় ৷ এই ৰায়টোৱে দেশখনত এক আলোড়নৰ সৃষ্টি কৰিছে ৷ এটা গোচৰত ২০ জন লোকৰ মৃত্যুদণ্ডৰ আদেশৰ পিছত আন এটা হত্যাকাণ্ডত ৯ জন লোকক মৃত্যুদণ্ড দিয়া হৈছে। এইটো সঁচাকৈয়ে বিৰল ৰায়দান ৷