Daily Time Axom

বিশ্বনাথত জাল নোট জব্দ, আটক এজন

0 10

বিশ্বনাথত ৰাষ্ট্ৰ বিৰোধী এক জাল নোট চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷
এক যুটীয়া অভিযানত অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে শনিবাৰে বিশ্বনাথত জাল নোট জব্দ কৰে ৷ এই সন্দৰ্ভত এজন লোককো আটক কৰিছে।

শুকুৰবাৰে নিশা বিশ্বনাথৰ অতিৰিক্ত এছপি কুলেন্দ্ৰ নাথ ডেকা, অৰুণাচল প্ৰদেশৰ ডি এছ পি ঋষি লংডো, অ’/চি ইনস্প, সঞ্জিত ৰায়, চিআৰপিএফ জোৱান আৰু ভিলেজ ডিফেন্স পাৰ্টি (ভিডিপি)ৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।
এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, লোকজন বিশ্বনাথ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামুৰি গাঁৱৰ বাসিন্দা পাবিত্ৰ খাউণ্ড বুলি চিনাক্ত কৰা হৈছে।

অভিযানৰ সময়ত আৰক্ষীয়ে এটা জাল নোট নিৰ্মাণ যন্ত্ৰ আৰু এটা এয়াৰ টাইট টকা বনোৱা কাগজৰ বাণ্ডিল আৰু জাল নোটৰ এটা ৫০০ টকীয়া বাণ্ডিল জব্দ কৰে।
গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.